অমৰাৰ বিষয়ে কিছু নজনা কথা!
অসমৰ জলবায়ুত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা এবিধ স্বাস্থ্য বৰ্ধক ফল হৈছে অমৰা । পুষ্টি গুণেৰে ভৰপূৰ অমৰাৰ লগত কোনো ফলৰে তুলনা নহয় । সাধাৰণতে সকলো সময়তে উপলব্ধ হোৱা অমৰা মানুহৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী ।
ইংৰাজীত ইয়াৰ পৰিচয় এই কেইটিমান Mombin, Hog Plum, Yellow Mombin, Spanish Plum, Golden Apple, Wild Mango আদি নামেৰে জনাজাত/
আমাৰ অসমত অমৰাৰ জাম, জেলি, টক, আচাৰ আৰু শুকান মুখশুদ্ধি বনোৱাৰ ওপৰিও বহুতে কুমলীয়া পাতৰ চাটনি খায়৷ সৰু বা ডাঙৰ মাছৰ লগত টেঙা আঞ্জাৰ জোল ৰান্ধে৷ কোনোৱে দাইলতো অমৰা দি খাই ভাল পায় আৰু কাৰোবাৰ ঘৰত সিদ্ধ কৰি আলুৰ লগত পিটিকা খোৱা হয়৷
অমৰা গছ হ’ল এবিধ সপুষ্পক উদ্ভিদ৷ একোজোপা গছৰ উচ্চতা ২০ৰ পৰা ২৫ মিটাৰলৈকে হ’ব পাৰে আৰু গা গছৰ ঘেৰ ৪ৰ পৰা ৫ফুট পৰ্য্যন্ত হয়৷ গছত যথেষ্ঠ ঠাল-ঠেঙুলি আৰু সেউজ বৰণীয়া পাত থাকে৷ এখিলা পাত দীঘলে ৩০ৰ পৰা ৪০ চেন্টিমিটাৰ আৰু বহলে ৪ৰ পৰা ৫ চেন্টিমিটাৰৰ হয়৷
অমৰা প্রচুৰ পৰিমাণে ভিটামিন চি, আয়ৰণ, কেলচিয়াম আৰু আঁহ আছে, যিবোৰ শৰীৰৰ বাবে খুবেই দৰকাৰী। মুখত ৰুচি বৃদ্ধিসহ অসংখ্য গুণাগুণ আছে অমৰাৰ। অমৰাত প্রচুৰ ভিটামিন চি থকাত ইয়াক খালে স্কার্ভি ৰোগৰ পৰা বাচিব পৰা যায়। বিভিন্ন প্রকাৰৰ ভাইৰেল ইনফেকচনৰ বিৰুদ্ধেও যুঁজিব পাৰে অমৰাই। হজমতো ই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।
অমৰা ভিটামিন চিৰ ভাল উৎস। ভিটামিন চি এটি অত্যাৱশ্যকীয় ভিটামিন আৰু প্রাকৃতিক এন্টিঅক্সিডেন্ট। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ অসুখৰ পৰা দূৰত থাকিব পৰা যায়। আনকি কেন্সাৰৰ দৰে মৰণ ৰোগৰ বিৰুদ্ধেও শৰীৰত প্রতিৰোধ ক্ষমতা গঢ়ি তোলে অমৰাই। বিভিন্ন প্রকাৰৰ ভাইৰেল ইনফেকচনৰ বিৰুদ্ধেও যুঁজ দিয়ে অমৰাই। ইয়াত প্রচুৰ ভিটামিন চি থকাত স্কার্ভি ৰোগ প্রতিৰোধত সহায় কৰে।
অমৰাত প্রচুৰ এন্টিঅক্সিডেন্ট থাকে যি কলেস্টেৰলৰ মাত্রা কমায়। সেয়ে অমৰা খালে সার্বিক হৃদস্বাস্থ্যৰ বাবেই উপকাৰী।
ইয়াৰ উপৰি অসুস্থ ব্যক্তিসকলৰ মুখৰ স্বাদ ঘূৰাই আনে অমৰাই। আনকি ই ৰক্তহীনতাও দূৰ কৰে। অমৰাত থকা ভিটামিন চিয়ে ৰক্ত গোট মৰাত সহায় কৰে। খাদ্যত থকা ভিটামিন এ আৰু ইয়ে অমৰাৰ সৈতে যুক্ত হৈ এন্টি-অক্সিডেন্ট হিচাবে কাম কৰি দেহক নানা ৰোগৰ পৰা ৰক্ষা কৰে।
হৃদৰোগত অমৰাৰ উপযোগিতা – “কাৰ্ডিঅ’ভাস্কোলাৰ টস্কিক’লজী” ২০১০তম সংখ্যাত প্ৰকাশিত তথ্যমতে অমৰাই তেজৰ ক’লেষ্টৰলৰ পৰিমাণ কমায় আৰু হৃদৰোগ নিয়ন্ত্ৰণত ই ৰেমিপ্ৰিল (Ramipril) ঔষধৰ সদৃশ্য কাম কৰে৷
গৰ্ভৱতী মহিলাৰ বাবেও অমৰা উপযোগী – কাৰণ ইয়াত থকা লৌহ পদাৰ্থই এনিমিয়া ৰোধ কৰে৷ এন্টিঅক্সিডেন্টে ইমিউনিটি বঢ়ায়৷ ফাইবাৰে শৌচকচা হবলৈ নিদিয়ে৷
ডায়েবেটিজ আৰু থাইৰয়েডৰ অসুখৰ চিকিৎসা লৈ থকা ৰোগীৰ বাবেও অমৰা নিৰাপদ৷ অমৰাত কেলৰি কম, এন্টিঅক্সিডেন্ট লাগতিয়াল ভিটামিন আৰু যথেষ্ট ফাইবাৰ আছে বাবে এই দুই অৱস্থাতো নিৰ্ভয়ে খাব পাৰে৷
অমৰাত পৰ্যাপ্ত পৰিমাণে কেলচিয়াম আছে । যি শিশুৰ দৈহিক গঠনত সহায় কৰে ।দেশে দেশে পৰম্পৰাগত চিকিৎসাত অমৰাৰ ব্যৱহাৰ।
দেশে দেশে পৰম্পৰাগত চিকিৎসাত অমৰাৰ ব্যৱহাৰ বেলেগ বেলেগ
প্ৰাচীনকালৰ পৰাই অমৰাই পৰম্পৰাগত ঔষধি হিচাবে (Folk Medicine) স্থান লাভ কৰি অহাৰ তথ্য পঢ়িবলৈ পোৱা যায় ৷ ব্যৱহৃত হৈ অহা শাৰীৰিক বিজুতি কিছুমান হ’ল- নানাবিধ সংক্ৰমণত বীজানুনাশক হিচাবে, কঁকালৰ বিষ, বাত বিষ, ডিঙিৰ অসুখ, প্ৰসাবৰ পোৰনি, ৰক্তস্ৰাব, মেলেৰিয়া, যৌনব্যাধি, পাকস্থলীৰ নানা ৰোগ (ডায়েৰিয়া,পেটৰ বিষ), শাৰীৰিক ক্লান্তি বিনাশক, কৃমি বিনাশক আৰু গৰ্ভনিৰোধক হিচাবে ৷
নাইজেৰিয়াত অমৰাৰ পাত প্ৰসৱৰ সহায়ক আৰু প্লেচেন্টাৰ অৱশিষ্ট আতৰ কৰাৰ বাবে প্ৰয়োগ কৰি অহা হৈছিল৷ আফ্ৰিকাৰ কংগো দেশত অমৰাৰ কুমলীয়া পাত পিচি পেৰালাইচিচ ৰোগীৰ চিকিৎসাত ব্যৱহৃত হয় ৷ অমৰা পাতৰ ৰস আৰু ফুলৰ ৰস চকুৰ কনজাংকটিভাইটিচ জাতীয় অসুখতো বিভিন্ন অঞ্চলত ব্যৱহাৰ হয় বুলি জনা যায়৷ বিভিন্ন দেশত গছৰ ছালৰ পৰা পিচা ৰসেৰে প্ৰলেপ সানি কুষ্ঠৰোগীক চিকিৎসা দি অহা হয়৷ এই প্ৰত্যেকটো বিষয়ৰ ওপৰতেই আধুনিক গৱেষণাৰ থল আছে ৷
এই গছৰ শিপাৰে ছাইৰে চাবোন বনোৱা হয় লগতে অমৰাই প্ৰসাবৰ চলাচল সুচল কৰে ।