মাছ ক্রয় কৰা আগত ভালদৰে পৰীক্ষা কৰি লওঁক
কিয়নো মাছ খাই আপুনি হব পাৰে আজীৱন পংগু
প্রথমে মন কৰক এই মহিলাগৰাকীলৈ । মাছ ভক্ষণ কৰি ভাল পায় এই মহিলা গৰাকীয়ে। কিন্তু কোনো জানে মাছ খাই আজীৱনৰ বাবে হেৰুৱাই পেলাব দুয়োখন হাত আৰু ভৰি। ঘটনাটো কেলিফৰ্নিয়াৰ। কেলিফৰ্ণিয়াৰ এই মহিলা গৰাকীয়ে মাছ ভক্ষণ কৰি ভাল পায় বাবে বজাৰৰ পৰা ক্রয় কৰি আনিছিল তেলাপিয়া নামৰ এবিধ বিশেষ প্ৰজাতিৰ মাছ। মাছটো ঘৰলৈ আনি ভালদৰে ৰান্ধি ভক্ষণ কৰে। মাছটো ভক্ষণ কৰা পিছতেই লাগিল অথন্তৰ। মহিলা গৰাকীৰ হাত ভৰি ক্রমে অচল হৈ পৰে। লগে লগে হস্পিতালত ভৰ্তি কৰোৱা হয় মহিলা গৰাকীক। মহিলাগৰাকীয়ে এই মাছ বিধ ভালদৰে ৰান্ধি নোখোৱাৰ বাবেই শৰীৰত প্ৰৱেশ কৰিছিল ভয়ঙ্কৰ বেক্টেৰিয়া যাৰ ফলত আহি পৰে মহিলাগৰাকীৰ জীৱনলৈ ঘোৰ অমানিশা। বোলে কথাতে কয় বাছি খাবা জাগি শুবা। তাৰ পৰিণতি এইয়া। এনে ঘটনাই সৃষ্টি কৰিছে এতিয়া সমগ্র বিশ্বতে প্ৰতিক্ৰিয়া। আজীৱনৰ বাবে মহিলা গৰাকী পংগু হৈ পৰিল। বৰ্তমান কেলিফৰ্ণিয়াৰ এখন উন্নত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।