আপুনি কেতিয়াবা কণভূত, খেতৰ, পিশাচ দেখিছেনে?

আপুনি কেতিয়াবা কণভূত, খেতৰ, পিশাচ দেখিছেনে?

পথাৰৰ ঢাপত চোপ লৈ থকা যখিনীজনি দেখিবলৈ বাৰু কেনেকুৱা?

 এইয়া বুঢ়া ডাঙৰীয়া, বাঁক, যখিনীৰ অবয়ব !

আপুনি ভূত বিশ্বাস কৰেনে? আপুনি ভূত বিশ্বাস কৰক বা নকৰক মুখে মুখে চলি অহা কোনো এটা ভূতৰ কাহিনী হয়তো আজিও আপোনাৰ মনত আছে। অসমীয়া জনজীৱনতো ভূতৰ এক বিশেষ স্থান আছে। বিভিন্ন ঠাইত বিভিন্ন নামেৰে এই ভূতবোৰৰ কাহিনী চলি আহিছে। এইসমূহৰ ভিতৰত বুঢ়া ডাঙৰীয়া, বাঁক, যখিনী আদি অন্যতম। ককা-আইতাৰ মুখেৰে শুনি অহা এই কাহিনীৰ ভূতবোৰ কোনো কোনোৱে ক’ৰবাত দেখা বুলিও কয়। কিন্তু এই ভূতবোৰৰ অবয়ব কেনেকুৱা বাৰু ?

অসমীয়া সমাজত সকলোৰে মুখে মুখে বিভিন্ন ভূতৰ বিষয়ে যি এক ধাৰণাৰ সৃষ্টি হৈছে, সেই ধাৰণাসমূহৰ ভিত্তিতে ভূতবোৰত একপ্ৰকাৰৰ প্ৰাণ সঞ্চাৰ কৰিছে চিন্ময় বাৰ্মা নামৰ এজন যুৱকে । AI অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত চিন্ময়ে অসমীয়া পৰম্পৰাগত ভূতবোৰৰ এনে কিছুমান ছবি প্ৰস্তুত কৰিছে যাক দেখি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। এই ছবিবোৰ দেখাৰ পাছত হয়তো আজি নিশা আপোনাৰ টোপনি নাহিবও পাৰে।

১. এইয়া হৈছে কণ ভূত

২. পথাৰৰ ঢাপত চোপ লৈ থকা যখিনীজনি দেখিবলৈ এনেকুৱাই

৩. এইয়া বৰদৈচিলা, এইয়া বিৰা আৰু এইয়া অসমীয়া সমাজৰ তথাকথিত বুঢ়া ডাঙৰীয়া

এই ছবি চাই হয়টো ভূতবোৰৰ অবয়ব এনেকুৱাই বুলি ধাৰণা কৰিব পাৰি। অসমীয়া সমাজত বিভিন্ন ভূতৰ বিষয়ে যি এক ধাৰণাৰ সৃষ্টি হৈছে, সেই ধাৰণাসমূহৰ ভিত্তিতে ভূতবোৰত একপ্ৰকাৰৰ প্ৰাণ সঞ্চাৰ কৰিছে চিন্ময় বাৰ্মা নামৰ যুৱকজনে। AI অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত চিন্ময়ে অসমীয়া পৰম্পৰাগত ভূতবোৰৰ এনে কিছুমান ছবি প্ৰস্তুত কৰিছে যাক দেখি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব।

কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত চিন্ময়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত পিশাচ, যখিনী, কণভূত, বুঢ়া ডাঙৰীয়া আদিৰ ছবি ডাঙি ধৰিছে। যাৰ বাবে সম্প্ৰতি যথেষ্ট চৰ্চাত আছে চিন্ময় বাৰ্মাৰ নাম। মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীধাৰী চিন্ময়ৰ আছিল চিত্ৰকলা তথা চিনেমাৰ প্ৰতিও গভীৰ আকৰ্ষণ। সম্প্ৰতি চিনেমা নিৰ্মাণত বিশেষভাৱে মনোনিৱেশ কৰা চিন্ময়ে অসমীয়া পৰম্পৰাগত ভূতবোৰ ছবি আকাৰে এইদৰে মানুহৰ মাজলৈ উলিয়াই দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *