আৰক্ষীৰ পোছাকত ৰাস্তাৰ জাৱৰ আতৰোৱাত ব্যস্ত এগৰাকী IPS

আৰক্ষীৰ পোছাকত ৰাস্তাৰ জাৱৰ আতৰোৱাত ব্যস্ত এগৰাকী IPS

জনসেৱাৰ এক উৎকৃষ্ট নিদৰ্শন এফালে ৰাজপথত পানী ,আনফালে গেলা আবৰ্জনা ,তাৰ মাজত IPS বিষয়া গৰাকীৰ জন সেৱা ,এইয়াই যেন প্রকৃত আৰক্ষী বিষয়া  ভিডিঅ’ত দেখা আৰক্ষী বিষয়া গৰাকী হৈছে হায়দাবাদৰ। দিনক দিনে বৃদ্ধি পাইছে হায়দাবাদৰ বান সমস্যা । বিশেষকৈ পানীৰ লগত উটি অহা বিভিন্ন ধৰণৰ গেলা আবৰ্জনাই ৰাজপথত যানবাহন চলাচলত বাধা প্রদান কৰি আহিছে তাৰ মাজতেই দেখা গ’ল এক অদ্ভুত দৃশ্য। হায়দাবাদৰ এগৰাকী ips বিষয়াই সহকৰ্মীৰ সৈতে ৰাতিপুৱা ৰাজপথৰ জাৱৰ চাফা কৰা দৃশ্যই এতিয়া টোলপাৰ লগাই সমাজিক মাধ্যম। বহুতৰ মতে’ দেশৰ প্রকৃত শিক্ষিত তেওঁ’। আন একাংশৰ ম’তে চৰকাৰক দোষাৰোপ ‘চাফাই কৰ্মীৰ সলনি কিয় এগৰাকী ips য়ে চাফা কৰিব লগা হৈছে ‘। কিন্তু ips বিষয়া গৰাকীৰ মতে সকলোয়ে যদি এনেদৰে পথসমূহ চাফা কৰি ৰাখে তেন্তে নিশ্চয়কৈ হায়দাবাদৰে নহয় দেশৰ বান সমস্যা দুৰ হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *