চৰকাৰী চাকৰি বিচাৰিছে নেকি? কিন্তু আপোনাৰ বাবে এটা ভাল খবৰ আছে। কাৰণ, ছাব অভাৰচিয়াৰ পদৰ বাবে নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে। মুঠ ৭৫টা খালী পদ। ইচ্ছুক প্ৰাৰ্থীয়ে ২৮ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব। তাৰ আগতে এপ্লিকেচনৰ সৈতে জড়িত সকলো সবিশেষ জানি লওক।
আবেদনকাৰীৰ শিক্ষাগত অৰ্হতাঃ
ইচ্ছুক প্ৰাৰ্থীসকলে নূন্যতমভাৱে মধ্যমিক উত্তীৰ্ণ হ’ব লাগিব।
আবেদনকাৰীৰ বয়সৰ সীমা:
নূন্যতম ১৮ বছৰৰ পৰা সৰ্বাধিক ৪০ বছৰ বয়সৰ ইচ্ছুক প্ৰাৰ্থীয়ে এই খালী পদৰ বাবে আবেদন কৰিব পাৰিব।
আবেদনৰ অন্তিম তাৰিখ:
ইচ্ছুক প্ৰাৰ্থীয়ে ২৮ জানুৱাৰীৰ ভিতৰত আবেদন কৰিব লাগিব।
প্ৰাৰ্থী নিৰ্বাচনৰ পদ্ধতি:
লিখিত পৰীক্ষা আৰু ব্যক্তিত্ব পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।
আবেদন মাচুল:
ইচ্ছুক প্ৰাৰ্থীয়ে আবেদনৰ বাবে বেংকত জমা কৰিব লাগিব ২০০ টকা।
খালী পদৰ সৈতে জড়িত সকলো তথ্যৰ বাবে https://www.mscwb.org ৱেবছাইট চাওক।