বলীউদৰ প্ৰখ্যাত অভিনেত্ৰী ৱাহিদা ৰহমান ক দাদা ছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব

বলীউদৰ প্ৰখ্যাত অভিনেত্ৰী ৱাহিদা ৰহমান ক দাদা ছাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগে কৰিলে এই ঘোষণা। তেওঁ ছচিয়েল মিডিয়াত লিখিছে যে অভিনেত্ৰী ৱাহিদা ৰহমানক এই বছৰৰ দাদা ছাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। অভিনেত্ৰী ৱাহিদা ৰহমান ‘গাইড’, ‘প্যাছা’, ‘কাগজ কে ফুল’ আৰু ‘চৌদহৱী কা চান্দ’ৰ দৰে ছবিত তেওঁৰ সুন্দৰ অভিনয়ৰ বাবে পৰিচিত।
ছচিয়েল মিডিয়াত অনুৰাগ ঠাকুৰে লিখিছে, ‘মই এই ঘোষণা কৰিবলৈ পাই সুখী আৰু সৌৰৱ অনুভৱ কৰিছো যে ৱাহিদা ৰহমানক ভাৰতী ছবিত তেওঁৰ সুন্দৰ অৱদানৰ বাবে এই বৰ্ষৰ প্ৰতিষ্ঠিত দাদা ছাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানি কৰা হ’ব।’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লিখিছে, ‘ৱহিদা জীৰ হিন্দী ছবিত যিসমূহ ভূমিকাৰ বাবে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছে তাৰ ভিতৰত প্ৰধান হৈছে, ‘প্যাছা’, ‘কাগজ কে ফল’, ‘চৌহদহী কা চান্দ’, ‘ছাহেব বিবি ঔৰ গুলাম’, ‘গাইড’, ‘খামোশী’৸ আৰু কেইবাখনো আন ছবি। নিজৰ ৫ দশতকৰো অধিক দীঘলীয়া কেৰিয়ালত তেওঁ নিজৰ অৱদান আগবঢ়াইছে। নিজৰ সুন্দৰ অভিনয়ৰ বাবে অভিনেত্ৰীগৰাকীয়ে ‘ছবি ৰেছমা আৰু শেৰা’ৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল। পদ্মশ্ৰী আৰু পদ্মভূষণেৰে সন্মানিত ৱাহিদা ৰহমানে এগৰাকী ভাৰতীয় নাৰীৰ সমৰ্পণ, দায়বদ্ধতা আৰু শক্তিৰ উদাহৰণ যিয়ে কঠোৰ পৰিশ্ৰমেৰে পেছাগত দিশত শিখৰত উপনীত কৰিব পাৰে।’

Leave a Reply

Your email address will not be published. Required fields are marked *