দেশৰ প্ৰথমটো সূৰ্য অভিযান ‘আদিত্য-L1’এ (Aditya-L1) ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ (ISRO) নিজৰ এখন চেলফি প্ৰেৰণ কৰিছে

দেশৰ প্ৰথমটো সূৰ্য অভিযান ‘আদিত্য-L1’এ (Aditya-L1) ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ (ISRO) নিজৰ এখন চেলফি প্ৰেৰণ কৰিছে

 

সূৰ্য অভিযানৰ বাবে নিৰন্তৰ সূৰ্যৰ ফালে আগবাঢ়ি থকা ‘আদিত্য-L1’এ মহাকাশত ইয়াৰ প্ৰথমখন চেলফি (Aditya-L1 Selfie) তোলাৰ লগতে পৃথিৱী আৰু চন্দ্ৰৰ এখন ছবিও তুলিছে (Earth and Moon Picture from Space captured by Aditya-L1) । এই তথ্য ISROই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ৰ জৰিয়তে শ্বেয়াৰ কৰিছে। আদিত্য-L1ৰ দ্বাৰা ISROলৈ প্ৰেৰণ কৰা এই ভিডিঅ’ বৰ্তমান ভাইৰেল হৈ আছে
জানিব পৰা মতে, ৪ ছেপ্টেম্বৰত ADITYA L1এ নিজৰ ছেলফি তুলিছিল। এই ছেলফিত VELC আৰু SUIT নামৰ যন্ত্ৰ দুটা দেখা পোৱা গৈছে।
পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰত অৱস্থিত সূৰ্য-পৃথিৱী প্ৰথম লাগ্ৰাঞ্জিয়ান বিন্দুত (L1) থাকি আদিত্য-L1এ সূৰ্যৰ বিভিন্ন দিশ অধ্যয়ন কৰিব। ২ ছেপ্টেম্বৰত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা ISROই PSLC-C57 ৰকেটৰ জড়িয়তে সফলতাৰে ‘আদিত্য-L1’ উৎক্ষেপণ কৰিছিল।
আদিত্য-L1এ পৃথিৱীৰ প্ৰথম কক্ষপথৰ আৱৰ্তণ ৩ ছেপ্টেম্বৰত সফলতাৰে সম্পন্ন কৰিছিল। এই উপগ্ৰহটো ইয়াৰ নিৰ্ধাৰিত স্থান পাবলৈ প্ৰায় ১২৭ দিন সময় লাগিব বুলি আশা কৰা হৈছে। ই সূৰ্য-পৃথিৱীৰ L1 পইণ্টৰ হেলো কক্ষপথত প্ৰৱেশ কৰি সূৰ্য অধ্যয়ন আৰম্ভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *