ইজৰাইলী সেনা আৰু হামাছৰ যুঁজাৰুৰ মাজত চলিছে ভয়াবহ সংঘৰ্ষ
ইজৰাইলী নাগৰিকক লক্ষ্য কৰি হামাছক নিঃশেষ কৰাৰ লক্ষ্যৰে ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে আৰম্ভ কৰা অভিযানত নিহত হৈছে সহস্ৰাধিক সন্ত্ৰাসবাদী। পিছে হামাছৰ বাবে বৃহৎ ক্ষতিৰ কাৰণটো হৈছে ইজৰাইলী সেনাৰ আক্ৰমণত হামাছৰ ৬গৰাকী দুৰ্ধৰ্ষ কামাণ্ডাৰ নিহত হৈছে।
ইজৰাইলী সেনাৰ আক্ৰমণত নিহত হৈছে হামাছৰ নুকবা ফৰ্ছৰ কামাণ্ডাৰ আলী কাদী। ৭ অক্টোবৰৰ আক্ৰমণৰ মুখ্য নেতৃত্বত আছিল আলী কাদী। ইজৰাইলী সেনাৰ আক্ৰমণত নিহত হোৱা দ্বিতীয়গৰাকী কামাণ্ডাৰ হৈছে জাকাৰিয়া আবু মোআব্বৰ। জাকাৰিয়াক হামাছৰ থিংক টেংক হিচাপে জনা গৈছিল। হামাছৰ ৰাজনৈতিক দপ্তৰৰো মুখ্য নেতা আছিল জাকাৰিয়া। জাকাৰিয়াৰ মৃত্যু হামাছৰ বাবে বৃহৎ ক্ষতি
তৃতীয় গৰাকী হামাছৰ শীৰ্ষ নেতা হৈছে বিলাল আল কদ্ৰ। বিলাল দক্ষিণ নুকবা বাহিনীৰ মুখ্য কামাণ্ডাৰ আছিল। কিব্বুজত হোৱা নৰসংহাৰৰ মুখ্য অভিযুক্ত আছিল বিল্লাল। ইজৰাইলী সেনাৰ গুলীত নিহত হোৱা চতুৰ্থ গৰাকী কামাণ্ডাৰ হৈছে মনেজ ঈদ। মনেজ হামাজৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিভাগৰ মুখ্য বিষয়া আছিল। গাজাক নিৰাপত্তা প্ৰদান কৰাৰ দায়িত্বত আছিল ঈদ।
হামাছৰ বাবে সৰ্ববৃহৎ ক্ষতি হৈছে ইজৰাইলী সেনাৰ আক্ৰমণত নিহত হৈছে হামাছে বিত্ত মন্ত্ৰী আবু ছামলা। আবুয়ে হামাছক অৰ্থনৈতিকভাৱে শক্তিশালী কৰাৰ বাবে বিশ্বৰ বিভিন্ন ইছলামিক দেশৰ পৰা পুঁজি সংগ্ৰহ কৰিছিল। ইজৰাইলী সেনাৰ গুলীত নিহত হৈছে হামাছৰ এয়াৰ ছীফ মিৰাদ আবু মিৰাদ। ইজৰাইলত ৰকেট আক্ৰমণৰ মুখ্য ভূমিকা লৈছিল মিৰাদে।