ফুটবলৰ জ্বৰত আক্ৰান্ত এতিয়া বিশ্ব৷ মেছি, ৰোনাল্ডো, নেইমাৰৰ ভৰিৰ যাদু চাবলৈ সাজু বিশ্ববাসী৷ বিশ্বকাপ চাবৰ বাবেই পৃথিৱীৰ ভিন্ন দেশৰ পৰা কাটাৰলৈ ৰাওনা হৈছে পুটবল প্ৰেমী৷ নৱেম্বৰৰ পৰা আন্তৰাষ্ট্ৰীয় বিমানসমূহৰ টিকটৰ দামো বৃদ্ধি হৈছে৷
কাটাৰলৈ ভাৰতৰ পৰা থকা একোখন বিমানৰ টিকট হৈছেগৈ ২৫ হাজাৰ টকা৷ উভতি অহা টিকটৰ দামো একেই৷ অৰ্থাৎ অহা-যোৱাৰ টিকটৰ বাবদ খৰচ হ’ব ৫০ হাজাৰ টকা৷ কেৱল অহা যোৱাৰ খৰচহে এয়া৷ কাটাৰত গৈ থকাৰ ব্যৱস্থা কৰাৰ পৰা খেল চাবলৈ কটা টিকটৰ দাম শুনিনে আপোনাৰো চকু কঁপালত উঠিব৷
বিভিন্ন দৰৰ টিকটৰ ব্যৱস্থা কৰা হৈছে কাটাৰ বিশ্বকাপত৷ গ্ৰুপ লিগৰ বাবে পৃথক দাম, প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ বাবে পৃথক দাম, কোৱাৰ্টাৰ ফাইনেলৰ বাবে পৃথক দাম, ছেমিফাইনেলৰ বাবে পৃথক দাম আৰু ফাইনেলৰ বাবেও পৃথক দাম নিৰ্ধাৰণ কৰা হৈছে৷ আনহাতে থাকিবৰ বাবে হোটেলৰ দামো নিৰ্ধাৰণ কৰা হৈছে৷ কাটাৰত অতিথিৰ বাবে সাজু কৰা হৈছে ৪৫ হাজাৰ টা ৰুম৷ যাৰ ভিতৰত বিভিন্ন দামৰ হোটেল আছে৷ মাধ্যবিত্ত মানুহে থকাৰ বাবে এদিনৰ বাবে হোটেলৰ দাম ভাড়া নিৰ্ধাৰণ কৰা হৈছে ৫০০ ডলাৰৰ পৰা ৬০০ ডলাৰ৷ ভাৰতীয় টকাত এই মূল্য হ’ব ১৩৩৯২ টকা৷ অৰ্থাৎ থকা খোৱা আৰু খেল চোৱাৰ বাবদ এদিনত খৰচ হ’ব ৪০ ৰ পৰা ৫০ হাজাৰ টকা৷