প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৯খন নতুন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লৰ শুভাৰম্ভ কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৯খন নতুন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লৰ শুভাৰম্ভ কৰে

 

এই ৰে’লসমূহে ৰাজস্থান, তামিলনাডু, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, বিহাৰ, পশ্চিম বংগ, কেৰালা, ওড়িশা, ঝাৰখণ্ড আৰু গুজৰাটকে ধৰি ১১ খন ৰাজ্যৰ ধৰ্মীয় আৰু পৰ্যটন স্থলীসমূহক সংযোগ কৰিব। তেওঁ ভিডিঅ’ কনফাৰেন্সযোগে এই নতুন ৰে’লসমূহৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই ৰে’লসমূহ সংঘৰ্ষ-বিৰোধী প্ৰণালী (anti collision system) ‘কাভাচ’ৰে সজ্জিত। নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লসমূহৰ ৰং কমলা ৰখা হৈছে
উল্লেখ্য যে, নতুন বন্দে ভাৰত ৰে’লসমূহ উদয়পুৰ-জয়পুৰ, তিৰুনেলভেলি-মাদুৰাই-চেন্নাই, হায়দৰাবাদ-বেংগালুৰু, বিজয়ৱাড়া-চেন্নাই, পাটনা-হাওৰা, কাচাৰাগোড-তিৰুৱন্তপুৰম, ৰাউৰকিলা-ভূৱনেশ্বৰ-পুৰী, ৰাঁচী-হাওৰা আৰু জামনগৰ-আহমেদাবাদৰ মাজত চলিব। এই ৰে’লসমূহৰ দ্বাৰা সমগ্ৰ দেশতে যাতায়াত সংযোগ উন্নত কৰা আৰু ৰে’ল যাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদানৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী সম্পূৰ্ণ কৰাৰ দিশত এক পদক্ষেপ। বন্দে ভাৰত ৰে’লসমূহ ইয়াৰ পৰিচালনাৰ পথত দ্ৰুততম ৰে’ল হ’ব আৰু যাত্ৰীসকলৰ যথেষ্ট সময় ৰাহি কৰিব পাৰিব
বন্দে ভাৰত ৰে’লৰ এই নতুন শৃংখলাৰ ৰে’লসমূহৰ সন্মুখৰ ডিজাইন ইয়াৰ পূৰ্বৰ শৃংখলাৰ ৰে’লবোৰতকৈ কিছু পৃথক। এই নতুন শৃংখলাৰ ৰে’লসমূহত ২৫টা পৰিৱৰ্তন কৰা হৈছে। ৰাউৰকিলা-ভূৱনেশ্বৰ-পুৰী আৰু কাচাৰাগোড-তিৰুৱন্তপুৰম পথত বৰ্তমানৰ দ্ৰুততম ৰে’লৰ তুলনাত, বন্দে ভাৰত ৰে’লে সম্পৰ্কিত গন্তব্যস্থানসমূহৰ মাজত ভ্ৰমণৰ সময় প্ৰায় ৩ ঘণ্টা হ্ৰাস কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *