২৫ বছৰীয়া হ’ল Google
চাৰ্চ ইঞ্জিন Googleৰ ডুডলৰ জৰিয়তে ২৫তম জন্মদিন উদযাপন
চাৰ্চ ইঞ্জিন গুগলে আজি এটা বিশেষ ডুডলৰ জৰিয়তে ইয়াৰ ২৫ তম জন্মদিন উদযাপন কৰিছে। ডুডলত ‘Google’ শব্দটোত ‘o’ আখৰৰ সলনি ‘২৫’ নম্বৰ ব্যৱহাৰ কৰা হৈছে। ১৯৯৮ চনৰ ২৭ ছেপ্টেম্বৰত সহপ্ৰতিষ্ঠাপক ছেৰ্গেই ব্ৰিন (Sergey Brin) আৰু লেৰী পেজৰ (Larry Page) দ্বাৰা গুগল মুকলি কৰা হৈছিল। ইয়াৰ পিছত, এই ২৫ বছৰত গুগলে ৱৰ্ল্ড ৱাইড ৱেব ব্যৱহাৰ কৰাৰ পদ্ধতি সলনি কৰিছে। ২০১১ চনৰ মে’ মাহত গুগলৰ মাহিলী অনন্য দৰ্শনাৰ্থীৰ (Monthly unique Visitors) সংখ্যা প্ৰথমবাৰৰ বাবে এক বিলিয়ন অতিক্ৰম কৰিছিল।
গুগলে ইয়াৰ জন্মদিন এটা বিচিত্ৰ আৰু আমোদজনক ডুডল প্ৰস্তুত কৰিছে। এই গুগল ডুডল এটা GIF, য’ত ‘Google’ক ‘G25gle’লৈ পৰিৱৰ্তন কৰি কোম্পানীটোৰ ২৫ বছৰ চিহ্নিত কৰিছে আৰু ইয়াত ব্যৱহাৰকাৰীসকলৰ বাবে এটা বাৰ্তাও আছে- ‘‘গোটেই বছৰবোৰত আমাৰ সৈতে অনুসন্ধান কৰাৰ বাবে ধন্যবাদ।’’ আপুনি ল’গ’ত ক্লিক কৰাৰ পিছত, হোম পৃষ্ঠাত কনফেট্টি (Confetti) দেখা পাব।
উল্লেখ্য যে, ৯০ৰ দশকৰ শেষৰ ফালে গুগল স্থাপন কৰা হৈছিল। সেই সময়ত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান কাৰ্যসূচী অনুসৰণ কৰোতে দুজন ডক্টৰেট শিক্ষাৰ্থী ছেৰ্গেই ব্ৰিন আৰু লেৰী পেজ লগ পাইছিল। দুয়োৱে তেওঁলোকৰ উমৈহতীয়া আবেগ আৰু ৱৰ্ল্ড ৱাইড ৱেবৰ ব্যৱহাৰ সহজ কৰি তোলাৰ দৃষ্টিভংগীৰে গুগল আৱিষ্কাৰ কৰিছিল। প্ৰথমে তেওঁলোকে এটা উন্নত অনুসন্ধান ইঞ্জিনৰ বাবে এটা প্ৰটোটাইপ তৈয়াৰ কৰিছিল। পিছত প্ৰকল্পটোৱে ইয়াৰ অগ্ৰগতি লাভ কৰে আৰু তেওঁলোকৰ কাৰ্যকলাপ গুগলৰ প্ৰথম কাৰ্যালয়লৈ স্থানান্তৰিত কৰিছিল, যি এটা ভাড়াৰ গেৰেজ আছিল। Google Inc.ক আনুষ্ঠানিকভাৱে ১৯৯৮ চনৰ ২৭ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল।
অৱশ্যে, ডুডলৰ ইতিহাস ১৯৯৮ চনত গুগল প্ৰতিষ্ঠা হোৱাৰ এমাহ আগতেই আৰম্ভ হৈছিল। প্ৰথম ডুডলটোৰ বিষয় নেভাডাৰ ব্লেক ৰক চিটিত (Black Rock City, Nevada) দীৰ্ঘদিন ধৰি চলি থকা “বাৰ্ণিং মেন” (Burning Man) অনুষ্ঠানৰ ওপৰত আছিল।