দুয়োখন ভৰি আৰু এখন হাত নথকা সুৰাজ জিলিকিল UPSC ৰ ফলাফলত

দুয়োখন ভৰি আৰু এখন হাত নথকা সুৰাজ জিলিকিল ২০২২ বৰ্ষৰ UPSC ফলাফলত

এটা দুৰ্ঘটনাই জীৱনৰ পৰা দুই ভৰি আৰু এখন হাত কাঢ়ি নিলেও মনৰ সাহস বুকুত বান্ধি লোকসেৱা আয়োগ পৰীক্ষাত সুখ্যাতি অৰ্জন কৰি দেশত চৰ্চাৰ কেন্দ্র বিন্দু হৈ পৰিছে মইনপুৰৰ সুৰাজ তিৱাৰীয়ে । পৰিস্থিতি যিয়েই নহওক কিয়, এজন ব্যক্তিৰ যদি শক্তিশালী ইচ্ছাশক্তি থাকে, তেন্তে প্রতিটো পৰিস্থিতি তেওঁৰ সন্মুখত সাধাৰণ হৈ পৰে। মইনপুৰৰ সুৰাজ তাৰ এক জলন্ত উদাহৰণ ।

মঙলবাৰে ঘোষণা কৰা ২০২২ বৰ্ষৰ ভাৰতীয় লোকসেৱা আয়োগ পৰীক্ষাত ৯১৭ নম্বৰ স্হান লাভ কৰি ,সুৰাজে দেশৰ হাজাৰ হাজাৰ মানুহৰ মন জয় কৰিছে। কিয়নো সুৰাজৰ নাই দুয়োখন ভৰি, এখন হাত আৰু এখন হাতত কেৱল মাথো তিনিটা আঙুলি। সুৰাজৰ দেউতাক পেছাত এজন দৰ্জী। আৰ্থিক দুৰ্বলতা আৰু অক্ষমতাই নিজৰ গন্তব্যস্থানৰ বাটত বাধা আহিবলৈ নিদি সুৰাজে কেৱল মাঁথো আগুৱাই যাবলৈ শিকিলে।

মইনপুৰ জিলাৰ কুৰাৱলী তহচিলৰ মহল্লা ঘৰনাজপুৰৰ বাসিন্দা সুৰাজ তিৱাৰী । পুত্রৰ এই সাফল্যত পিতৃ ৰাজেশ তিৱাৰী , আত্মীয়ৰ লগতে সমগ্র গাঁওবাসীয়ে আনন্দিত হৈ পৰে।

মইনপুৰৰ মহৰ্ষি পৰশুৰাম স্কুলৰ পৰাই প্রাথমিক শিক্ষা গ্রহণ কৰি ২০১১ চনত এছ, বি আৰ এল ইন্টাৰ কলেজ, মইনপুৰৰ পৰা দশম স্থানত উত্তীর্ণ হোৱাৰ লগতে ২০১৪ চনত সম্পূর্ণানন্দ ইন্টাৰ কলেজ আৰাম শৰাই বেভাৰৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হয়। কিন্তু নিষ্ঠুৰ নিয়তি ২০১৭ চনৰ জানুৱাৰী মাহৰ ২৪ তাৰিখে গাজিয়াবাদত হোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনাত সুৰাজে দুয়োখন ভৰিৰ লগতে সোঁহাতৰ কঁকাল আৰু বাঁওহাতৰ দুটা আঙুলি কাটি পেলোৱা হৈছিল। ইয়াৰ পিছতো সুৰাজে জীৱন যাত্রাত হাৰ মনা নাছিল । ২০২১ চনত দিল্লীৰ জেএনইডৰ পৰা হাৰ নমনাকৈ বি, এ কৰিছিল। পৰিবৰ্তি সময়ত এম, এ সুখ্যাতিৰে পাছ কৰি IAS ৰ প্রস্তুতি আৰম্ভ কৰিলে । আজি নিজৰ অৰ্থনৈতিক দুৰাৱস্হা আৰু শাৰীৰিক অক্ষমতাকো নেওচি গন্তব্যস্থানত উপস্থিত হোৱা সুৰাজ এতিয়া দেশবাসীৰ আকৰ্ষণৰ কেন্দ্রবিন্দু।

Leave a Reply

Your email address will not be published. Required fields are marked *