ছমাহ নিজকে কিয় গৃহবন্দী কৰিছিল পৰিণীতি চোপ্ৰাই?

ছমাহ নিজকে কিয় গৃহবন্দী কৰিছিল পৰিণীতি চোপ্ৰাই?

কেৰিয়াৰ গঢ়াৰ পৰিকল্পনাৰে ১৭ বছৰত এৰিছিল ঘৰ

বলীউডত ব্যর্থতাই আনিছিল অৱসাদ

পৃথক ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলাৰ বাবেই ঘৰৰ পৰাও আঁতৰি গৈছিল ১৭ বছৰ বয়সতে। বলীউডৰ প্ৰথম শাৰীৰ অভিনেত্ৰীৰ মাজত তেঁৱো আছে। বায়েকো অভিনয়ক্ষেত্ৰৰ এগৰাকী নামজ্বলা অভিনেত্রী।
পোনতে অভিনয় নকৰো ভাৱিও আকৌ অভিনয় ক্ষেত্ৰলৈ উভতি অহাৰ পাছত কোনো ছবিতেই তেওঁ বিশেষ পাৰদৰ্শিতা দেখুৱাব নোৱাৰিলে। এখনৰ পাছত আনখন ফ্লপ ছবিৰ পাছতেই মানসিকভাৱে ভাঙি পৰিছিল পৰিণীতি চোপ্ৰা। বহুদিন ধৰি তেওঁ বলীউডৰ পৰা সন্যাস গ্রহণ কৰি শেষলৈ আকৌ বলীউডত ভুমুকি মাৰিছিল। তেনেতেই তেওঁৰ জীৱনলৈ ৰাঘৱ চাড্ডাৰ আগমন ।

ৰাঘৱৰ সৈতে প্ৰেমৰ কথাবোৰ ভাইৰেল হৈছিলহে মাত্ৰ হঠাতেই দুয়োরে আয়োজন কৰে বাগদান অনুষ্ঠানৰ। তাৰপিছতেই বিগত দেওবাৰে বিবাহপাশত আৱদ্ধ হয় ৰাঘৱ পৰিণীতি। কেৰিয়াৰত সফল নহ’লেও পৰিণীতিৰ উপাৰ্জন কিন্তু অইন বলীউড অভিনেত্ৰীতকৈ কম নহয়। অভিনয়ত সফল নহ’লেও তেওঁ বিজ্ঞাপনেৰেই মাহিলী বহু পৰিমাণৰ অৰ্থ উপাৰ্জন কৰে ।

১৯৮৮ চনৰ ২২ অক্টোবৰত হাৰিয়ানাৰ অম্বালায়ত জন্ম পৰিণীতিৰ। হাৰিয়ানাৰ বিদ্যালয়তে শিক্ষাজীৱন আৰম্ভ হৈছিল পৰিণীতিৰ। উচ্চশিক্ষাৰ বাবে তেওঁ পাছলৈ লণ্ডনলৈ যায়। পৰিণীতিৰ সপোন আছিল বেংকাৰ হোৱাৰ। কলেজৰ পঢ়া শুনা সামৰি লণ্ডনতেই চাকৰিও বিচাৰে পৰীয়ে। কিন্তু ২০০৯ চনত ব্ৰিটেইনৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত ব্যক্তিগত খণ্ডৰ চাকৰিসমূহত প্ৰভাৱ পৰে। চাকৰি বিচাৰি পৰীয়ে কোনো সুবিধাজনক চাকৰি লাভ নকৰি পুনৰ দেশলৈ উভতি আহে। মুম্বাইলৈ উভতি আহিয়েই বলীউডৰ খ্যাতনামা প্রযোজক সংস্থা যশৰাজ ফিল্ম ছ দফতৰৰ জনসংযোগ পৰামৰ্শদাতা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে পৰিণীতিয়ে।

২০১০ চনত মুক্তিপ্রাপ্ত ‘বেণ্ড বাজা বাৰাত’ ছবিৰ প্ৰচাৰৰ দায়িত্বও লৈছিল পৰিণীতিয়ে। সেই সময়তেই অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ উঠে পৰী। প্রযোজক সংস্থাৰ চাকৰি এৰি পৰীয়ে অভিনয় শিকিবলৈ প্ৰশিক্ষণ কেন্দ্ৰত ভৰ্তি হয়। ২০১১ চনত মুক্তিপ্ৰাপ্ত ‘লেডিছ ভাৰ্চেছ ৰিকি ভেল’ ছবিত পার্শ্বচৰিত্ৰত অভিনয় কৰিছিল পৰিণীতিয়ে। বক্স অফিচত ছবিখনে বিশেষ ব্যৱসায় কৰিব নোৱাৰিলে। ২০১২ চনত যশৰাজ ফিল্মছ প্রযোজক সংস্থাই মুকলি কৰে ‘ইছকজাদে’। এই ছবিত মুখ্যচৰিত্ৰত অভিনয় কৰিছিল পৰিণীতিয়ে। বনী কাপুৰৰ পুত্ৰ অৰ্জুন কাপুৰে পৰীৰ বিপৰীত চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিতেই বিশেষ ৰাষ্ট্ৰীয় পুৰস্কাৰো লাভ কৰিছিল পৰিণীতিয়ে। তাৰপিছতেই শুদ্ধ দেশী ৰোমান্স, হাঁছি তৌ ফাঁছি’ৰ দৰে ৰোমাণ্টিক ছবিতো অভিনয় কৰিছে পৰীণীতিয়ে। এই দুখন ছবি হীট নহ’লেও ভালেই ব্যৱসায় কৰিছিল বক্স অফিচত। ২০১৫ চনৰ মাজৰ ভাগত পৰিণীতিৰ কেৰিয়াৰ সূর্য অস্তমিত হৈ পৰে। সেই সময়ত পৰিণীতিয়ে যিকেইখন ছবিত অভিনয় কৰিছে আটাইকেইখনেই ফ্লপ। হতাশাগ্ৰস্ত হৈ পৰিছিল পৰিণিতি ৷

এটা পুৰণা সাক্ষাৎকাৰত পৰিণীতিয়ে কৈছিল, ‘এটাৰ পাছত আনখন ছবিয়ে বক্স অফিচত বেয়া ব্যৱসায় কৰাৰ বাবে মই খুব হতাশাত ভাগি পৰিছিলো। মানসিক অৱসাদত ভুগিছিলো। ডেৰ বছৰ মোৰ জীৱনৰ খুবেই বেয়া সময়।মোৰ হাতত ধনো ইমান নাছিল। আর্থিক সংকট আহিছিল। যি ধন আছিল সেই ধনেৰে ঘৰ ক্ৰয় কৰি লৈছিলো। ব্যক্তিগত জীৱনতো বহু দিশৰ পৰা অশান্তি আহিছিল। জীৱনত ইতিবাচক একোরেই ‘নাছিল।’

পৰিণীতিয়ে জীৱনৰ বেয়া সময়ৰ বৰ্ণনা দি কয়,খোৱাবোৱাও বন্ধ কৰি দিছিলো । নিজকে আৱদ্ধ কৰি পেলাইছিলো ৷’

পৰিণীতিক সেই সময়ত কেৱল এজন ব্যক্তিয়েই সহায় কৰিছিল। পৰিণীতিৰ ভাতৃ ছাহেজে তেওঁক সেই অৱসাদৰ পৰা ওলাই অহাত সহায় কৰিছিল। অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এগৰাকী বান্ধৱীৰ কথাও উল্লেখ কৰে। ডেৰ বছৰ তেনেকৈ কটোৱাৰ পাছত ২০১৬ চনত ধীৰে ধীৰে কথাবোৰ সলনি হোৱা যেন অনুভৱ হ’ল৷ মেপি প্যাৰি বিন্দু’ আৰু ‘গুলমাল এগেইন’ ছবিত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে পৰিণীতিয়ে।

দুখন ছবিৰ কাম পোৱাৰ পাছত মানসিকভাৱে কিছু শক্তিশালী হৈ পৰে পৰী । তেতিয়াই শৰীৰচৰ্চাৰ দিশতো মনোনিৱেশ কৰে পৰীয়ে। বলীউডত কেৰিয়াৰ আৰম্ভ কৰোতে চেহেৰাক লৈয়ো কটাক্ষৰ সন্মুখীন হৈছিল পৰী। মুখৰ গঢ়, ওজন সকলোবোৰক লৈ নানান কু মন্তব্যও শুনিব লগা হৈছিল পৰীয়ে। বলীউডত কটাক্ষৰ স্বীকাৰ হৈ শৰীৰচৰ্চাৰ মাধ্যমেৰে ২৮ কিঃগ্ৰাঃ ওজন কমাইছিল অভিনেত্ৰী পৰীয়ে। বৰ্তমান নতুন সংসাৰক লৈ ব্যস্ত হৈ পৰিছে পৰিণীতি। ইয়াৰোপৰি ৬ অক্টোবৰত তেওঁৰ নতুন ছবিয়ে মুক্তি লাভ কৰিব। টিনু সুৰেশ দেশাইৰ পৰিচালনাত মুক্তি লাভ কৰিব মিছন ৰানীগঞ্জে। এই ছবিত পৰিণীতিৰ সৈতে অভিনয় কৰিছে অভিনেতা অক্ষয় কুমাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *