শৰতৰ আগমনৰ লগে লগে শাৰদীয় দুৰ্গোৎসৱ চমু চাপি আহিছে
এই সময়ছোৱাত বিশেষকৈ মহিলাসকল ফেশ্বনৰ প্ৰতি বেছি আগ্ৰহী হোৱা দেখা যায়। পূজাত কি পিন্ধিব, ক’ৰ পৰা ল’ব এইবোৰৰ কথা এতিয়াৰে পৰাই চিন্তা কৰিছে।
। কিন্তু পূজা আৰু শাৰীৰ মাজত আছে এক সুসম্পৰ্ক। প্ৰতিবছৰে পূজা মানে বজাৰত নতুন শাৰী।
প্ৰিয় ধাৰাবাহিকৰ নায়িকাৰ শাৰীবোৰ প্ৰতিবছৰে পুনৰ ফেশ্বনলৈ আহে। কিন্তু এইবাৰ কিছু পৰিৱৰ্তন হৈছে। জামদানি, গডৱাল, কটন সম্বলপুৰী, ৰাজস্থানী, তশোৰ, কাতান, ৰেডি টু ৱেৰ সকলো আছে। তাৰ লগতে প্ৰতিবছৰৰ দৰে এই বছৰো কিছুমান শাৰী ট্ৰেণ্ডিং হৈ আছে। ইয়াৰ ভিতৰত ডিজিটেল প্ৰিন্ট শাৰী আৰু সূৰ্য্যমুখী খাদী শাৰী অন্যতম ৷ শিলচৰৰ Shop Insta-ৰ স্বত্বাধিকাৰী অনুপ্ৰিয়া দেৱ দত্তৰ মতে, এইবাৰৰ দুৰ্গা পূজাৰ ট্ৰেণ্ডিং শাৰীসমূহৰ ভিতৰত আছে ডিজিটেল প্ৰিণ্টেড শাৰী আৰু সূৰ্যমুখী প্ৰিণ্টেড খাদী শাৰী।
আনহাতে দেখাত সাধাৰণ যেন লাগিলেও এটা এলিগেন্ট লুকৰ বাবে ডিজিটেল প্ৰিন্টৰ মালবেৰী ৰেচমৰ শাৰী এতিয়া ট্ৰেণ্ডিঙত আছে । পেষ্টেল শ্বেডৰ ডিজিটেল প্ৰিন্ট শাৰী এইবাৰ মহিলাৰ বাবে এক উত্তম পছন্দ হৈ পৰিছে। এই আটাইকেইবিধ শাৰীৰ একমাত্ৰ ঠিকনা হৈছে শিলচৰৰ Shop Insta। এই শাৰীবোৰ ২ হেজাৰ টকাৰ পৰা আৰম্ভ হয় । তেওঁ লগতে কয় যে ফেশ্বন প্ৰেমীসকলৰ মাজত ডিজিটেল প্ৰিণ্টে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
সময়ৰ লগে লগে ছপাৰ ধৰণ আৰু মাধ্যম সলনি হৈছে। তাৰ ধাৰাবাহিকতাত ডিজিটেল প্ৰিন্টৰ উপস্থিতি এতিয়া কাপোৰতো। যিহেতু এই প্ৰিন্টত থকা সকলো ডিজাইন কম্পিউটাৰত কৰা হয়, গতিকে প্ৰিন্টৰ ফিনিচিং অতি ফটোজেনিক হৈ উঠে। ছপাৰ গভীৰতা ইমানেই বেছি যে কাপোৰখন বৰ উজ্জ্বল দেখা যায়।