কাৰ্তিক পূৰ্ণিমা কি আৰু কেতিয়া পালন কৰা হয় জানে নে??

কাৰ্ত্তিক পূৰ্ণিমা (ইংৰাজী: Kartik Purnima) হ’ল হিন্দু, শিখ আৰু জৈন ধৰ্মৰ এটি সাংস্কৃতিক উৎসৱ, যিটো পূৰ্ণিমা বা কাতিৰ পোন্ধৰতম চান্দ্ৰ দিনত (নৱেম্বৰ-ডিচেম্বৰ) অনুষ্ঠিত হয়। এই উৎসৱক ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমা বুলিও কোৱা হয়। ইয়াক কেতিয়াবা দেৱতাৰ পোহৰৰ উৎসৱ দেৱ-দীৱালী বা দেৱ-দীপাৱলী বুলিও কোৱা হয়। দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত অন্য দিনত অনুষ্ঠিত কাৰ্ত্তিকা দীপম হ’ল এটি এই ধৰণৰ অনুষ্ঠান।

ত্ৰিপুৰী পূৰ্ণিমা বা ত্ৰিপুৰাৰী পূৰ্ণিমাৰ নামটো ত্ৰিপুৰাৰীৰপৰা আহিছে, যি ত্ৰিপুৰাসুৰ অসুৰৰ শত্ৰু। ত্ৰিপুৰাৰী ভগবান শিৱৰ এক অৱতাৰ। শিৱই ত্ৰিপুৰান্তক ৰূপ ধৰি ত্ৰিপুৰাসুৰ অসুৰৰ বধ কৰিছিল। ত্ৰিপুৰাসুৰে দেৱতা সকলক হৰুৱাই স্বৰ্গ বিজয় কৰি অন্তৰীক্ষত তিনিখন নগৰ নিৰ্মাণ কৰিছিল, যাক ত্ৰিপুৰা বুলি কোৱা হৈছিল। শিৱৰ সহায়ত দেৱতাসকলে ত্ৰিপুৰাসুৰক বধ কৰি নগৰ তিনিখন নষ্ট কৰে আৰু এই দিনটোক পোহৰৰ উৎসৱ বুলি ঘোষনা কৰে। এই দিনটোকে দেৱ-দিৱালী বুলি কয়; অৰ্থাৎ দেৱতা সকলৰ দীৱালী। পোহৰৰ উৎসৱ দীৱালী হিন্দুসকলৰ উৎসৱ।[1]

কাৰ্ত্তিক পূৰ্ণিমাত ভগবান বিষ্ণুৰ মৎস্য অৱতাৰৰ মৎস্যৰো জন্মদিন। এইটো বৃন্দাৰো জন্মদিন, যাক তুলসী ৰূপত পূজা কৰা হয়। কাৰ্ত্তিক হ’ল যুদ্ধৰ দেৱতা আৰু শিৱৰ পুত্ৰ। কাৰ্ত্তিক পূৰ্ণিমাৰ দিনটোতে কৃষ্ণ আৰু ৰাধাই ৰাস নৃত্য কৰিছিল আৰু এই দিনটোতে কৃষ্ণই ৰাধাৰ পূজা কৰিছিল বুলি জনবিশ্বাস আছে। যেতিয়া দিনটো কৃত্তিকা নক্ষত্ৰত পৰে তেতিয়া এই উৎসৱৰ মহত্ত্ব আৰু বাঢ়ে আৰু ইয়াক মহা কাৰ্ত্তিকা বোলা হয।

কাৰ্ত্তিক পূৰ্ণিমা চাৰিমাহৰ অন্ত বুলি ধৰা হয় যি চাৰিমাহ সময় বিষ্ণু নিদ্ৰামগ্ন হৈ থাকে বুলি বিশ্বাস কৰা হয়। প্ৰবোধিনী একাদশী হৈছে বিষ্ণু দেৱতাৰ জাগৰণৰ প্ৰতীক। এই দিনটোতে চাৰিমহীয়া তপস্যা শেষ হয় বুলি ভবা হৈছে। প্ৰবোধিনী একাদশীত আৰম্ভ হোৱা মেলাবোৰ কাৰ্ত্তিক পূৰ্ণিমাৰ দিনা শেষ হয়। কাৰ্ত্তিক পূৰ্ণিমা হৈছে এই মেলাবোৰৰ এটা গুৰুত্বপূৰ্ণ দিন। কাৰ্ত্তিক পূৰ্ণিমাৰ দিনা শেষ হোৱা পন্ধৰপুৰ আৰু পুষ্কৰ মেলাত প্ৰবোধিনী একাদশী উৎসৱ পালন কৰা হয়। কাৰ্ত্তিক পূৰ্ণিমা হ’ল প্ৰবোধিনী একাদশীৰপৰা পালন কৰা তুলসী বিবাহৰো অন্তিম দিন।

এই দিনটোতে বিষ্ণুও বালিৰ গৃহৰপৰা নিজ গৃহলৈ ঘূৰি আহে বুলি জনবিশ্বাস। সেয়ে এই দিনটোক দেৱ-দিৱালী বুলি মনা হয়।

ৰাজস্থানৰ পুষ্কৰত অনুষ্ঠিত পুষ্কৰ মেলাত ব্ৰহ্মাক পূজন কৰা হয় আৰু মোক্ষ প্ৰাপ্তিৰ বাবে পুস্কৰ হ্ৰদত ভক্তসকলে কাৰ্ত্তিক পূৰ্ণিমাৰ দিনা আনুষ্ঠানিক স্নান সম্পন্ন কৰে। এই মেলাত প্ৰায় দুই লাখ ভক্ত আৰু পঁচিশ হাজাৰ উঁটৰ সমাগম ঘটে। পুষ্কৰ মেলা এচিয়াৰ সৰ্ব্ববৃহৎ উঁট মেলা।

কাৰ্ত্তিক পূৰ্ণিমা হৈছে বাৰানসীত গংগা-স্নানৰ বাবে আটাইতকৈ জনপ্ৰিয় দিন।

ত্ৰিপুৰী পূৰ্ণিমা শিৱলৈ উচৰ্গিত উৎসৱসমূহৰ অন্তৰ্গত এটি ধৰ্মীয় উৎসৱ। ই মহা শিৱৰাত্ৰিৰ ঠিক পিছতে। কাৰ্ত্তিক পূৰ্ণিমা জৈন সকলৰ বাবে এটা গুৰুত্বপূৰ্ণ ধৰ্মীয় দিন। পালিতানা জৈন তীৰ্থস্থানলৈ গৈ তেওঁলোকে এই দিনটো পালন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *