পোহৰৰ উৎসৱ দীপাৱলী কিয় পালন কৰা হয় আপুনি জানে নে??

শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ আটাইতকৈ জাকজমতাৰ উৎসৱেই হৈছে দীপাৱলী বা দীপান্বিতা ৷ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা “দীপাৱলী” পালন কৰা হয় ৷

এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ৷ সেয়ে, অন্ধকাৰক নাশিবলৈ, শাৰী শাৰী বন্তি প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলা হয় দীপাৱলীৰ নিশা ৷ দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়। দীপাৱলী উৎসৱ ঠাইভেদে এদিনীয়া, তিনিদিনীয়া অথবা পাছদিনীয়াকৈ পালন কৰা দেখা যায় যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাবস্যা তিথিত মূল দেৱালী পালন কৰা হয়। দেৱালীৰ আগে-আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ, পুনৰনিৰ্মাণ আৰু সৌন্দৰ্য্য বৰ্ধনত ব্যস্ত হয়। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়।

ৰামায়ণৰ মতে, ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই পিতৃ আজ্ঞা পালি চৈধ্য বছৰ বনবাসৰ অৱসান ঘটাই পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ সহিতে অয্যোধ্যালৈ উভতি অহাৰ দিনা ৰাজ্যৰ প্ৰজাগণে আনন্দতে চাকি-বন্তি জ্বলাই চৌদিশে পোহৰেৰে আলোকিত কৰি তেওঁলোকক আদৰণি জনাই আনন্দ-উৎসৱ কৰিছিল ৷ তেতিয়াৰপৰাই এই দীপাৱলী পালন কৰি অহা হৈছে বিশ্বাস কৰা হয় ৷

দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আৰু ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰপৰা বৰ লৈ অহঙ্কাৰী হৈ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল। নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল।

অত্যাচাৰী নৰকাসুৰৰ নিধনত সকলোৱে আনন্দিত হৈ চাকি-বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত দীপাৱলী বা দেৱালী পালন কৰি অহা হৈছে বুলি আন এক প্ৰবাদ প্ৰচলিত হৈ আহিছে।

যিয়েই নহওঁক, এই আখ্যানবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে দীপাৱলী পালনৰ তাৎপৰ্য হৈছে – দুষ্টক দমন, শিষ্টক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয় ৷ অসূয়া-অপশক্তিক নিৰ্মূল কৰি সুখ-শান্তি স্থাপন কৰাই হৈছে দীপাৱলী পালনৰ মূল তত্ত্ব।

কিন্তু বিগত কিছু বছৰৰ পৰা দীপাৱলীৰ সাত্ত্বিকতাতকৈ জাকজমকতা তথা প্ৰদৰ্শনকামীতাইহে প্ৰাধান্য পাই অহা দেখা গৈছে। পোহৰৰ উৎসৱ দীপাৱলী ক্ৰমান্বয়ে শব্দ-বাৰুদৰ উৎসৱলৈ পৰিৱৰ্তিত হৈছে। দীপাৱলী পালনৰ প্ৰকৃত উদ্দেশ্য যেন ক’ৰবাতে পৰি ৰ’ল।

দক্ষিণ এছিয়াৰ পৰা উৎপত্তি হোৱা পৌৰাণিক সংস্কৃত গ্ৰন্থ সমূহত পাঁচ দিনীয়া দেৱালী উৎসৱৰ উল্লেখ পোৱা যায়। ভাৰতৰ ভিন-ভিন অঞ্চলত এই উৎসৱ ভিন ভিন নামেৰে জনা যায়। ইয়াৰ লগতে দেৱালীৰ লগত সম্পৰ্কীয় নীতি-নিয়ম সমূহো অলপ বেলেগ বেলেগ। দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত হয়। দেৱালী ধনতেৰাচৰ দিনাৰ পৰা আৰম্ভ হয়। ইয়াৰ দ্বিতীয় দিনা নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত এই দিনকে মূল দেৱালী বুলি পালন কৰা হয়। পশ্চিম, পূৱ আৰু উত্তৰ ভাৰতত তৃতীয় দিনা মূল দেৱালী অনুষ্ঠিত হয়। এই দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতৰত কালী পূজা অনুষ্ঠিত হয়। চতুৰ্থ দিনা গোবৰ্ধন পূজা অনুষ্ঠিত হয় আৰু পঞ্চম দিনা ভাতৃ দ্বিতীয়াৰে দেৱালী উৎসৱৰ সামৰণি পৰে। ভাতৃ দ্বিতীয় ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্কৰ প্ৰতি উৎসৰ্গিত ৰাখীবন্ধনৰ সমকক্ষ উৎসৱ। হিন্দু আৰু শিখ সম্প্ৰদায়ৰ কিছুমানে কেইদিনা নিজৰ কৰ্মস্থলীত সা-সঁজুলি, যন্ত্ৰ-পাতি আদিৰ উদ্দেশ্যে বিশ্বকৰ্মা পূজা পাতে ।

Leave a Reply

Your email address will not be published. Required fields are marked *