চাহ জনগোষ্ঠীৰ এক অন্যতম প্ৰধান উৎসৱ বা পৰ্ব হৈছে কৰম পূজা

অসমৰ সকলো জাতি-জনগোষ্ঠীৰ বাবে ভাদ মাহটো হৈছে পবিত্ৰ মাহ। হিন্দু ধৰ্মৰ পৰম পুৰুষ শ্ৰীকৃষ্ণ ভাদৰ মাহৰ শুক্লা অষ্টমী তিথিতেই মানৱ ৰূপে পৃথিৱীৰ বুকুত আবিৰ্ভাব হৈছিল। সেইফালৰ পৰা ভাদ মাহৰ শুক্লা একাদশী তিথিত চাহ জনগোষ্ঠীৰ লোকসকলে কৰম পৰ্ব উলহ-মালহেৰে উদযাপন কৰে। কৰম পূজা মূলত কৃষিভিত্তিক উৎসৱ। কৰমতিসকলে তিনি বা পাচঁ দিন উপবাসত থাকি নিদিষ্ট ৰীতি-নীতিৰে কৰম ৰজাক জগাই অৰ্থাৎ জাৱা জগাই

জাৱা জগোৱাৰ তৃতীয় বা পঞ্চম দিনা এই তিথিৰ গধূলি কৰমতীসকল আৰু গাঁৱৰ ৰাইজৰ সহায় সহযোগিতাত পৰম্পৰাগত ৰীতি-নীতিৰে ঢোল-মাদল বজাই আনন্দ মনেৰে কৰম ডাল কাটি কৰম ৰজাক আহ্বান জনাই পূজা স্থানত লৈ আনে (কৰম গছক চিকামৰলীয়া গছ বোলা হয়)। কৰম ডাল আৰু জাৱা স্থাপন কৰি পূজাৰ সকলো সামগ্ৰী আগবঢ়ায়। কৰমতীসকলে কৰম গছৰ ডালক নতুন কাপোৰ পিন্ধাই পূজা অৰ্চনা কৰে। কৰম পৰ্বৰ সম্পৰ্কত কৰমতীসকলক আৰু উপস্থিত ৰাইজক কহনী বুঢ়া বা কাহিনী বুঢ়াই কৰম পৰ্বত কৰমৰ ইতিবৃত্ত আৰু ৰীতি-নীতি ৰাইজৰ আগত কাহিনীৰ আকাৰত ব্যাখ্যা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *