কেদাৰনাথ,বদ্ৰীনাথ মন্দিৰত উৰ্চগিত এপাহ বিশেষ ফুল
যাক বিশ্বৰ সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃষ্টি কৰিছিল যাক সৌভাগ্যৰ প্রতীক বুলি কোৱা হয় বছৰত এবাৰেই ফুলে এই ফুল সূৰ্যাস্তৰ পিছত ফুলে এই বিশেষ ফুলপাহ এই ফুল পাহ কেতিয়াবা দেখিছে নে। ফুলপাহৰ নাম ব্ৰহ্মকমল।
হিমালয় ফুলৰ ৰজা এই ব্ৰহ্মকমল। বৰ্তমান উত্তৰাখণ্ড ৰাজ্যৰ ৰাজ্যিক ফুল ব্ৰহ্মকমল । শাস্ত্ৰৰ মতে এই জগতৰ সৃষ্টিকৰ্তা ব্ৰহ্মজীয়ে সৃষ্টি কৰা ফুলৰ বাবেই ফুলপাহৰ নাম ব্ৰহ্মকমল । সূৰ্যাস্তৰ পিছত বছৰত এবাৰহে এই ফুল ফুলিবলৈ আৰম্ভ কৰে। কিন্তু সম্পূৰ্ণ ফুলপাহ ফুলিবলৈ ২-৩ ঘণ্টা সময় লাগে। গোটেই ৰাতি ফুলাৰ পিছত ফুলপাহ পিছদিনা ৰাতিপুৱা মৰহি যায়। ৰাতি ফুলে বাবে ব্ৰহ্মকমল ফুলৰ আন এটা নাম “ৰাতিৰ ৰাণী” । এই ব্ৰহ্মকমল ফুল কেদাৰনাথ, বদ্ৰীনাথ মন্দিৰত দেৱতাক অৰ্পণ কৰা হয়। অতীজৰে পৰা ব্ৰহ্মকমলক সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়।
হিমালয় ফুলৰ ৰজা এই ব্ৰহ্মকমল। বৰ্তমান উত্তৰাখণ্ডৰ চামোলি জিলাত অৱস্থিত উত্তৰাখণ্ড, হেমকুণ্ড চাহাবলৈ যোৱাৰ পথত আৰু হেমকুণ্ড পোৱাৰ পথত পাহাৰৰ তলত বহল অঞ্চলত এই ব্ৰহ্ম ফুলটো দেখা যায়।