বৰ্তমান অসমৰ এটা বহু চৰ্চিত মন্দিৰ

বৰ্তমান অসমৰ এটা বহু চৰ্চিত মন্দিৰ

যাক এবাৰ দৰ্শন কৰিবলৈ হাজাৰ হাজাৰ ভক্ত বিয়াকুল হৈ থাকে দূৰ -দূৰণিৰ পৰা অগণন ভক্তৰ সমাগম ঘটে মন্দিৰটোলৈ আমি আজি ক’ব বিচাৰিছো অনলাইন মন্দিৰ হিচাপে খ্যাত অগ্নিনাভ বাবাৰ মন্দিৰৰ কথা বৰ্তমান সময়ত বহু চৰ্চিত মন্দিৰৰ ভিতৰত বাবা অগ্নিনাভ মন্দিৰ বিশেষ উল্লেখযোগ্য  উজনিৰ নাজিৰাত অৱস্থিত এই মন্দিৰটোয়ে ভক্ত যথযথেষ্টখিনি সমাদৰ লাভ কৰিছে। যাক এটা জাগৃত ডিজিটেল মন্দিৰ হিচাপে জনাজাত । লগতে পূণ্যধাম সমূহৰ ভিতৰত অন্যতম অগ্নিনাভ বাবা মন্দিৰ। এই মন্দিৰত সেৱা ল’লে মনোবাঞ্চা পূৰণ হয় ভক্ত সকলৰ।ঘৰৰ পৰাই আপুনি বাবাৰ আশীৰ্বাদ ল’ব পাৰে।অগ্নিনাভ বাবাৰ কৃপাত বহু দম্পতীৰ পূৰণ হৈছে মনৰ আশা । সন্তানহীন দম্পতীয়ে লাভ কৰিছে সন্তান৷
দীৰ্ঘদিন ধৰি বেমাৰত আক্ৰান্ত লোকসকল বাবাৰ কৃপাত ঠিক হৈ উঠিছে। শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ মাজমজিয়াতে অৱস্থিত এটি শিৱ মন্দিৰ৷ মন্দিৰটোৰ নাম অগ্নিনাভ শিৱ মন্দিৰ৷ কোৱা হয় যে শিখা মজিন্দাৰ বেজবৰুৱা নামৰ এগৰাকী মহিলাই স্থাপন কৰা এই মন্দিৰত সেৱা কৰি বহু ভক্তৰ মনৰ আশা পূৰণ হৈছে৷
মন্দিৰটোত অনলাইনযোগে পূজা–অৰ্চনা কৰি সুফল পোৱাত সমগ্ৰ ৰাজ্যতে ডিজিটেল মন্দিৰৰূপে পৰিচিত হৈছে এই মন্দিৰটো৷ পিছে এই কথা ভক্তসকলৰ যোগেদিহে জানিব পাৰিছে মন্দিৰটোৰ তত্বাৱধায়ক শিখা মজিন্দাৰ বেজবৰুৱাই

শিখা মজিন্দাৰ বেজবৰুৱাই কয় যে, তেওঁৰ বাৰীত বহুত সাপ ওলাইছিল আৰু তেতিয়াইএজন বিশেষ ব্যক্তি সুধিছিল কিয় ইমান সাপৰ বিৰাজমান হৈছে। ব্যক্তিজনে ক’লে যে বাৰীখনত সাপৰ আৱাসস্থল হোৱা বাবে এটি শিৱ মন্দিৰ স্থাপনৰ পৰামৰ্শ দিছিল৷ তেওঁ নিজেও সৰুৰে পৰা শিৱৰ ভক্ত আৰু পূজা- অৰ্চনা কৰি ভাল পায়। বিশেষ ব্যক্তিজনৰ কথামতে তেওঁ ঘৰৰ বাৰীৰ ভিতৰতে মন্দিৰ স্থাপনৰ বাবে এটি ভেটি স্থাপনৰ ব্যৱস্থা কৰিলে৷ পৰিয়ালৰ সহযোগ তথা স্বামীৰ সহায়ত ২০১৫ চনত শিখা মজিন্দাৰ বেজবৰুৱাই স্থাপন কৰিলে অগ্নিনাভ নামেৰে এই মন্দিৰটো৷ আৰু এতিয়া ৰাজ্যৰ বহু দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগণ দেখা যায় অগ্নিনাভ মন্দিৰত ।

জয় অগ্নিনাভ বাবা :

ওম নমঃ শিবায় 🕉️

Leave a Reply

Your email address will not be published. Required fields are marked *