আজি সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ মিলাদ-উন-নবী উদযাপন কৰিছে।

আজি সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ মিলাদ-উন-নবী উদযাপন কৰিছে।

 

মুছলমানসকলৰ অন্তিম নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে এই দিৱস পালন কৰা হয়। ৫৭১ খ্ৰীঃত তথা ১২ ৰবি উল আৱালৰ (ইছলামিক বৰ্ষপঞ্জিৰ তৃতীয় মাহ) দিনা চৌদি আৰৱৰ মক্কা চহৰত তেখেতৰ জন্ম হৈছিল। হজৰত মহম্মদৰ পিতৃ আব্দুল্লাহ আছিল।

পয়গম্বৰ হজৰত মহম্মদৰ (Prophet Hazrat Muhammad) জন্ম দিনটো সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ। সেয়ে ঈদ মিলাদ-উন-নবী ইছলাম ধৰ্মী লোকসকলৰ বাবে এক পবিত্ৰ উৎসৱ। এই দিনটো উদযাপন কৰিবলৈ মুছলমান লোকসকলে ঘৰ পৰিষ্কাৰ কৰে, সজাই আৰু পোহৰেৰে আলোকিত কৰে। তেওঁলোকে পবিত্ৰ কোৰাণ শ্বৰীফ পঢ়ে, নামাজ পঢ়ে আৰু মিঠাই প্ৰস্তুত কৰি ইজনে সিজনক অভিনন্দন জনাই পৰিয়াল, চুবুৰীয়া তথা বন্ধুবৰ্গক বিতৰণ কৰে।

ইয়াৰোপৰি, আজিৰ দিনটোত পয়গম্বৰৰ মানৱতাৰ বাৰ্তা প্ৰতিটো ঘৰলৈ লৈ যোৱাৰ বাবে বহু ঠাইত ঈদ মিলাদ-উন-নবী শোভাযাত্ৰা উলিওৱা হয়। দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য বিতৰণ কৰা হয়। শোভাযাত্ৰাত সাধাৰণ লোকসকলক বিশেষকৈ ইছলাম আৰু উলেমাৰ দ্বাৰা হজৰত মহম্মদৰ জীৱনৰ বিষয়ে কোৱা হয়। ইয়াত নাত শ্বৰীফও পঢ়া হয়। হজৰত মহম্মদে কেনেকৈ জনসাধাৰণক আল্লাৰ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু কেনেকৈ তেওঁ লোকসকলক ধাৰ্ম্মিকতা আৰু মংগলৰ পথ অনুসৰণ কৰিবলৈ কৈছিল সেই বিষয়েও সকলোকে কোৱা হয়। হজৰত মহম্মদৰ জন্মদিন উপলক্ষে দৰিদ্ৰসকলক সেৱা আগবঢ়োৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *