অম্বুবাচী কি?অম্বুবাচী মেলা কেতিয়া? এই অনুষ্ঠানক কেন্দ্ৰ কৰি কি কি ৰীতি-নীতি পালন কৰা হয়?

অম্বুবাচী কি?অম্বুবাচী মেলা কেতিয়া? এই অনুষ্ঠানক কেন্দ্ৰ কৰি কি কি ৰীতি-নীতি পালন কৰা হয়?

অম্বুবাচী হৈছে প্রাচীন কালৰে পৰাই অসমত প্ৰচলিত হৈ অহা এক লোকাচাৰ। ই এক ঋতুকালীন কৃষিভিত্তিক উৎসৱ। প্ৰত্যেক বছৰৰে আহাৰ মাহৰ সাত(৭) তাৰিখৰ পৰা অম্বুবাচী উৎসৱ পালন কৰা হয়। শাক্তধৰ্মীয় কঠোৰ ৰীতি-নীতিৰ মাজেৰে এই পালন কৰা হয়।

হিন্দু লোকবিশ্বাস অনুসৰি, জ্যোতিষ শাস্ত্ৰমতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰ তিনিপাদ অতীত হ’লে চতুৰ্থপাদ আৰ্দ্ৰা নক্ষত্ৰৰ পাদৰ ভিতৰত পৃথিৱী ৰজঃস্বলা অৰ্থাৎ ঋতুমতী হয়। পৃথিৱী ঋতুমতী হোৱা এই সময়ছোৱাকে অম্বুবাচী বুলি কোৱা হয়। সন্তানসম্ভৱা হ’বলৈ নাৰী ঋতুমতী হোৱাৰ দৰেই শস্যসম্ভৱা হ’বলৈ আই বসুমতী ঋতুমতী হয়। পৃথিৱীৰ উৰ্বৰতাৰ বাবেই এই অম্বুবাচী উৎসৱ পালন কৰা হয়।
অম্বুবাচী মেলা কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে এক উল্লেখনীয় ধৰ্মীয় মেলা।

অম্বুবাচী মেলাৰ সময়ত তিনিদিন ধৰি বন্ধ থাকে দেৱী কামাখ্যা মন্দিৰৰ দুৱাৰ। এই সময়ত কামাখ্যা দেৱী ঋতুচক্ৰৰ মাজেৰে পাৰ হয়। তিনিদিন পিছত কামাখ্যা দেৱীৰ মূৰ্তি স্নান কৰি অন্যান্য ৰীতি-নীতি কৰা হয়।

অসমৰ গুৱাহাটী চহৰত অৱস্থিত ৫১ টা শক্তিপীঠৰ ভিতৰত কামাখ্যা দেৱী মন্দিৰ অন্যতম। পুৰাণৰ মতে মা সতীৰ শৰীৰৰ বিভিন্ন অংশৰ পৰা ৫১ টা সাক্ষীপীঠ গঠিত। য’ত কামাখ্যা দেৱীৰ মন্দিৰ আছে তাতেই মাতা সতীৰ “যোনি অংশ” পৰিল।

অম্বুবাচী মেলাৰ গুৰুত্ব

অম্বুবাচী মেলাৰ সময়ত তিনিদিন ধৰি বন্ধ থাকে দেৱী কামাখ্যা মন্দিৰৰ দুৱাৰ। এই সময়ত কামাখ্যা দেৱী ঋতুচক্ৰৰ মাজেৰে পাৰ হয়। তিনিদিন পিছত কামাখ্যা দেৱীৰ মূৰ্তি স্নান কৰি অন্যান্য ৰীতি-নীতি কৰা হয়।

তাৰ পিছত চতুৰ্থ দিনা ভক্তসকলক মন্দিৰত প্ৰৱেশ কৰি কামাখ্যা দেৱীক পূজা কৰিবলৈ দিয়া হয়। তান্ত্ৰিকসকলে নিজৰ আকাংক্ষিত সিদ্ধি পাবলৈ ইয়ালৈ আহে, কিয়নো মা কামাখ্যা তন্ত্ৰ শক্তিৰ দেৱী

অম্বুবাচী মেলাৰ তাৎপৰ্য্য

কামাখ্যা দেৱী মন্দিৰত প্ৰতি বছৰে বাৰিষাৰ সময়ত অম্বুবাচী মেলা অনুষ্ঠিত হয়।

কামাখ্যা দেৱীৰ বাৰ্ষিক ঋতুস্ৰাৱ উদযাপন।

বিশ্বাস কৰা হয় যে অম্বুবাচী মেলা নাৰীত্বৰ প্ৰকৃত উদযাপন।

এই অনুষ্ঠানক আমেতি বা তান্ত্ৰিক উৰ্বৰতা উৎসৱ বুলিও জনা যায়।

অম্বুবাচী মেলাৰ সময়ত তিনিদিন বন্ধ হৈ থাকে মন্দিৰ।

অম্বুবাচী মেলাৰ তাৰিখ আৰু সময়                              

Leave a Reply

Your email address will not be published. Required fields are marked *