১০ টকা, ৫০ টকা নে ১০০ টকা
কাৰণ আহি গ’ল লটাৰী টিকটৰ দিনআহি গ’ল সেই সময়,,, আহি গ’ল লটাৰী কিনাৰ সময়। শৰতৰ আগমন মানে যেনেকৈ দূৰ্গোৎসৱৰ সময় তেনেকৈয়ে শৰতে দূৰ্গোৎসৱৰ লগতে লৈ আনে লটাৰী টিকটৰ বাহাৰ। দূৰ্গা পূজা উপলক্ষে অসমৰ বিভিন্ন পূজা কমিটিয়ে আলোচনা কৰিছেই কিমান টকাৰ লটাৰী ব্যবস্থা কৰিব। উপহাৰ কি দিব,,, ইত্যাদি ইত্যাদি। দূৰ্গা পূজাৰ দিন কেইটাত ঠায়ে ঠায়ে লটাৰী টিকটৰ বিপনী। কিনাতহে বল আৰু। লটাৰী টিকটৰ পুৰস্কাৰত থাকে আকৌ বিলাসী উপহাৰ। এইয়া নিশ্চয় গ্ৰাহকক পতিয়ন নিয়াৰ প্ৰয়াস।
দূৰ্গা পূজাৰ পিছতেই আহি আছে দেৱালী। দেৱালীটো কথাই নাই। এক প্লেট কণীৰ পৰা আৰম্ভ কৰি চাবোনলৈকে থাকে পুৰস্কাৰৰ তালিকাত।
এতিয়াৰ পৰা লটাৰী টিকটৰ খেলৰ বাহাৰ আৰম্ভ হৈ একেবাৰে শেষ হ’ব মাঘৰ বিহুৰ পিছতহে। কাৰণ এতিয়া উৎসৱ মানেই লটাৰী,,, বছৰৰ শেষত অৰ্থাৎ 30 first বুলিও লটাৰী। 30 first আৰু মাঘৰ বিহুৰ লটাৰী টিকটৰ পুৰস্কাৰত প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰত একেবাৰে ভোজ খাব পৰাকৈয়ে থাকে পুৰস্কাৰ। প্ৰথম পুৰস্কাৰত যদি নোদোকা তেজাল দুটা হাঁহ থাকে, দ্বিতীয় পুৰস্কাৰত থাকে আকৌ এটা কুকুৰা,, তৃতীয় পুৰস্কাৰত হয় এক প্লেট কণী নতুবা ৫ কেজি চাউল। পিছে এই পুৰস্কাৰ লাভ কৰিবলৈ আপুনি কিনিব লাগিব ১০০ টকীয়া লটাৰী টিকট। মুঠৰ ওপৰত এইয়া লটাৰী টিকটৰ দিন।
আপুনি পিছে লটাৰী টিকটত কি কি উপহাৰ লাভ কৰিছে বাৰু।