বিশ্বকাপৰ ছেমি ফাইনেলত প্রবেশ কৰিবলৈ হ’লে ভাৰত আৰু কেইখন খেলত জয়ী হ’ব লাগিব 

বিশ্বকাপৰ ছেমি ফাইনেলত প্রবেশ কৰিবলৈ হ’লে ভাৰত আৰু কেইখন খেলত জয়ী হ’ব লাগিব 

২০২৩ৰ বিশ্বকাপত প্রথম খন মেচৰ পৰাই ভাৰতে সুন্দৰ প্রদৰ্শনৰ লগতে দৰ্শনীয় জয় লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতে এই ধাৰাবাহিকতা অব্যাহত ৰাখিলে ভাৰত সহজেই ছেমি ফাইনেলত প্রবেশ কৰিব পাৰিব বুলি উল্লেখ কৰিছে কেইবাগৰাকীও প্রাক্তন ক্রিকেটাৰে ।
চলিত বিশ্বকাপত এতিয়ালৈকে অনুষ্ঠিত হৈছে ১৪ খন খেল । আজি দক্ষিণ আফ্ৰিকা আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ১৫ সংখ্যক খেলখন।

বিশ্বকাপৰ তিনিখন মেছ খেলি আটাইকেইখনত জয়লাভ কৰি শেহতীয়া পইণ্টৰ তালিকাৰ শীৰ্ষত আছে ভাৰত । প্রথমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰে । দ্বিতীয়খন খেলত আফগানিস্তানক ৮ উইকেটত আৰু তৃতীয়খন খেলত ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্রবেশৰ সম্ভাৱনা উজ্বল কৰি তুলিছে ।ইফালে নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাও ছেমি ফাইনেলত প্রবেশ কৰাৰ সম্ভাৱনা আছে ।
ছেমিফাইনেলত প্রবেশৰ বাবে ভাৰতৰ সন্মুখত আছে তিনিখনকৈ গুৰুত্বপূৰণ মেছ । অহা ২২ অক্টোবৰত ভাৰত মুখামুখি হ’ব নিউজিলণ্ডৰ । ভাৰতে ২৯ অক্টোবৰত ইংলেণ্ডৰ বিৰুদ্ধে খেলিব আৰু ৫ নবেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব । এই তিনিওখন খেলেই গুৰুত্বপূৰ্ণ হ’ব ভাৰতৰ বাবে । উল্লেখ্য যে পইণ্টৰ তালিকাৰ দ্বিতীয় স্থানত আছে নিউজিলেণ্ড আৰু তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকা ।

Leave a Reply

Your email address will not be published. Required fields are marked *