Dark Mode
  • Sunday, 26 June 2022

ঈদৰ পাৰ্টিত চলমান খানক আলিংগন আৰু চুম্বন কৰিলে শ্বেহনাজ গিলে.

ঈদৰ পাৰ্টিত চলমান খানক আলিংগন আৰু চুম্বন কৰিলে শ্বেহনাজ গিলে.

 

অভিনেত্ৰী শ্বেহনাজ গিলক আপুনি নিশ্চয় চিনি পায় । যিগৰাকী অভিনেত্ৰী Big Boss 13ৰ সিদ্ধাৰ্থৰ সহ প্ৰতিযোগী আছিল । ইয়াৰ পাছতে বহুতৰ বাবে চিনাকি নাম হৈ পৰিছিল অভিনেত্ৰীগৰাকী । কিন্তু শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে এইগৰাকী অভিনেত্ৰী । কিয়নো বলীউডৰ জনপ্ৰিয় অভিনেতা চলমান খান অভিনীত Kabhi Eid Kabhi Diwaliৰ যোগেদি বলীউডত অভিনেত্ৰীগৰাকীয়ে আত্মপ্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে । ইয়াৰ পাছতে অনুৰাগীসকলৰ মাজত স্বাভাৱিকতে উৎকণ্ঠাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ।

 

উল্লেখ্য যে চলমান খানৰ ভগ্নী অৰ্পিতাই মঙলবাৰে ঈদ উপলক্ষে এক পাৰ্টিৰ আয়োজন কৰিছিল । এই ঈদ পাৰ্টিত কেইবাজনো তাৰকাৰ প্ৰৱেশ দেখা পোৱা গৈছিল । সেইসমূহৰ ভিতৰত ৰণবীৰ সিং,দীপিকা পাডুকন,জেকুইলিন,সুনিল ছেত্ৰী,কাৰ্তিক আৰিয়ান,সিদ্ধাৰ্থ মলহোত্রা,সুস্মিতা সেন আদি আছিল,কিন্তু তাৰ ভিতৰত শ্বেহনাজ আৰু চলমান খানৰ ধেমালিয়ে সকলোকে আমোদ দিয়া পৰিলক্ষিত হয় ।

ফটো চেছনৰ সময়ত চলমান খানক শ্বেহনাজ গিলে আলিংগন কৰাৰ লগতে চুম্বন কৰা পৰিলক্ষিত হৈছে । জনপ্ৰিয় ৰিয়েলিটি শ্ব' বিগ বছ-১৩ৰ পাছত দুয়োগৰাকীকে একেলগে দেখি অনুৰাগীসকল আনন্দিত হৈ পৰিছে । উল্লেখ্য যে এখন বিশেষ ফটোত অভিনেত্ৰীগৰাকীয়ে চলমান খানৰ কান্ধত মূৰ থৈ বিশেষ সময়খিনি উপভোগ কৰা দেখিবলৈ পোৱা গৈছে । আনহাতে আন এটা ভিডিঅ'ত গাড়ীখনৰ কাষলৈ খোজকাঢ়ি যোৱাৰ সময়ত হাতত হাত ধৰি যোৱা দেখিবলৈ পোৱা গৈছে আৰু তাইক ঘৰত থৈ আহিবলৈও চলমান খানক কোৱা শুনিবলৈ পোৱা গৈছে । এই ভিডিঅ'ই এতিয়া অনুৰাগীকসকলক মোহিত কৰিছে আৰু অনুৰাগীসকলে ভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰাও পৰিলক্ষিত হৈছে । ইণ্ডিয়া টোডেৰ এক প্ৰতিবেদন অনুসৰি “Kabhi Eid kabhi Diwali" ছবিখনত শ্বেহনাজ গিলক চলমান খানৰ ভাতৃ আয়ুষ শৰ্মাৰ বিপৰীতে দেখা যাব । বলীউড ছবিজগতত অভিনেত্ৰীগৰাকীৰ আত্মপ্ৰকাশৰ এই খবৰে অনুৰাগীসকলৰ উৎকণ্ঠা বৃদ্ধি কৰিছে ।

Comment / Reply From