Dark Mode
  • Thursday, 18 August 2022

ছুইমিং পুলত একেলগে কেটৰিনা আৰু বিকি কৌশল

ছুইমিং পুলত একেলগে কেটৰিনা আৰু বিকি কৌশল

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফে তেওঁৰ স্বামী বিকি কৌশলৰ সৈতে ছুইমিং পুলত কটোৱা বিশেষ মুহুৰ্তৰ ছবি Instagramৰ জৰিয়তে Share কৰিলে । ফটোখন শ্বেয়াৰ কৰি পতিৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰিলে কেটৰিনাই । তেওঁলোকৰ অনুৰাগীসকল যিয়ে দম্পতীহালক মৰমতে Vikate বুলি নাম দিছে,তেওঁলোকে মৰমেৰে ফটোখনত লাইক,কমেণ্ট কৰি ভালপোৱা প্ৰকাশ কৰিছে। আনহাতে এই ফটোখনত প্ৰিয়ংকা চোপ্ৰা আৰু ঋত্বিক ৰৌশ্বনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে ।

শনিবাৰে নিজৰ instagramত ফটোখন পোষ্ট কৰোঁতে কেটৰিনাই উল্লেখ কৰিছিল,“Me and mine,”ইয়াৰ লগতে দুটা বগা হাৰ্ট Emojiও যোগ দিছিল । ফটোখনত দেখা গৈছে যে কেটৰিনাই বিকিক সাৱটি ধৰি আছে আৰু দুয়োৰে দুগাল স্পৰ্শ কৰি আছে । আনহাতে ফটোখনত কেটৰিনাক বগা ছুইমচুট পিন্ধি থকা দেখা গৈছে । অনুৰাগীসকলে ফটোখনত হাৰ্ট আৰু জুইৰ emojiৰে মন্তব্য কৰিছিল। লগতে কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে মৰমেৰে তেওঁৰ কমেণ্ট বক্স উপচাই তুলিছিল ।

উল্লেখ্য যে দুয়ো ৯ ডিচেম্বৰ,২০২১ তাৰিখে বিবাহপাশত আবদ্ধ হৈছিল । ইয়াৰ পাছতে এই দম্পতীহালৰ অনুৰাগীসকলে তেওঁলোকক নাম দিছিল Vikate । শেহতীয়াকৈ এক সাক্ষাৎকাৰত বিকিয়ে পত্নীৰ প্ৰশংসাত পঞ্চমুখ হৈ কৈছিল যে কেটৰিনা অত্যন্ত জ্ঞানী আৰু তেওঁৰ জীৱনত তেওঁ যথেষ্ট প্ৰভাৱ পেলাইছে। সি যি কি নহওক Vikateৰ যুগলবন্দীয়ে অনুৰাগীসকলৰ প্রিয় । সেয়ে আন ফটোৰ দৰে এই ফটোখনতো মৰমৰ বৰষুণ নমাইছে অনুৰাগীয়ে ।

Comment / Reply From