Dark Mode
  • Sunday, 26 June 2022

মাত্ৰ ৪০ হেজাৰ টকাত কিনিব পাৰিব স্কুটাৰ। কেনেদৰে কিনিব এই স্কুটাৰ👇

মাত্ৰ ৪০ হেজাৰ টকাত কিনিব পাৰিব স্কুটাৰ। কেনেদৰে কিনিব এই স্কুটাৰ👇

আজিৰ দিনত প্ৰায়বোৰ মানুহৰে এখন বাইক অথবা স্কুটাৰ হ'লেও কিনাৰ সপোন থাকে । কিন্তু ব্যয়বহুল বাজেটৰ বাবে সেই সপোন সপোন হৈ ৰৈ যায়। পিছে কম বাজেটত এই সপোন এতিয়া বাস্তৱ হ'ব । কিয়নো মাত্ৰ ৪০ হেজাৰ টকাত এতিয়া স্কুটাৰ ক্ৰয় কৰিব পাৰিব আপুনি ।

কি এই স্কুটাৰ-

বজাৰত বৈদ্যুতিক স্কুটাৰ (Electric scooter)ৰ ভিতৰত Ampere V48,Evolt Poney,Evolt Polo,Ampere Reo আৰু Bounce Infinity E1 উপলব্ধ । পেট্ৰলৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি বৈত্যুতিক বাহন এতিয়া একমাত্ৰ বিকল্প । ই পৰিৱেশৰ সৈতে খাপ খোৱাৰ উপৰিও গ্ৰাহকৰ ধন আয় কৰাত সহায় কৰে ।

Ampere V48: এম্পিয়াৰ ভি48-ৰ এক্স-শ্ব'ৰুমৰ মূল্য হৈছে প্ৰায় ৩৮,৭১৯ টকা । এই স্কুটাৰখন এবাৰ সম্পূৰ্ণ চাৰ্জ কৰিলে ৪৫ কিমি পৰ্যন্ত চলাব পাৰে। সম্পূৰ্ণ চাৰ্জ হ'বলৈ ৮-১০ ঘণ্টা সময় লাগে। এই স্কুটাৰখনত Self start আৰু অন্যান্য সুবিধাসমূহ আছে। Evolet pony: ইয়াৰ এক্স-শ্ব'ৰুম মূল্য হৈছে প্ৰায় ৩৯,৪৯৯ টকা। সম্পূৰ্ণ চাৰ্জ কৰাৰ পাছত ৬প কি.মি. পৰ্যন্ত চলাব পাৰে।সম্পূৰ্ণ চাৰ্জ হ'বলৈ ৫-৬ ঘণ্টা সময় লাগে। এই স্কুটাৰখনতো Self startৰ লগতে আন বহুতো Features আছে । Evolt Polo: এই স্কুটাৰখনৰ এক্স-শ্ব'ৰুমৰ মূল্য হৈছে প্ৰায় ৪৪,৪৯৯ টকা । এই স্কুটাৰখন এবাৰ সম্পূৰ্ণ চাৰ্জ কৰিলে ৫৫-৬০ কি.মি. পৰ্যন্ত চলাব পাৰে। সম্পূৰ্ণ চাৰ্জ হ'বলৈ ৫-৬ ঘণ্টা সময় লাগে। এই স্কুটাৰখনত Self startৰ লগতে এক সুন্দৰ Looks দিয়া হৈছে ।

Ampere Reo: এই বৈদ্যুতিক স্কুটাৰখনৰ এক্স-শ্ব'ৰুমৰ মূল্য হৈছে প্ৰায় ৪০,৬৯৯ টকা । এই স্কুটাৰখন এবাৰ সম্পূৰ্ণ চাৰ্জ কৰিলে ৪৫-৫৫ কিমি পৰ্যন্ত চলাব পাৰে। সম্পূৰ্ণ চাৰ্জ হ'বলৈ ৫-৬ ঘণ্টা সময় লাগে। Bounce Infinity E1: এই সুন্দৰ স্কুটাৰখনৰ এক্স-শ্ব'ৰুমৰ মূল্য হৈছে প্ৰায় ৪৫,০৯৯ টকা । এই স্কুটাৰখন এবাৰ সম্পূৰ্ণ চাৰ্জ কৰিলে ৮৩ কি.মি.পৰ্যন্ত চলাব পাৰে। সম্পূৰ্ণ চাৰ্জ হ'বলৈ মাত্ৰ ৪ ঘণ্টা সময় লাগে। আনহাতে স্কুটাৰখনৰ গতিবেগৰ ৬৫ কি.মি. ।

Comment / Reply From