Dark Mode
  • Sunday, 26 June 2022

চকলেটে বৃদ্ধি কৰে যৌনাংগৰ প্ৰৱণতা / যৌন সংগমৰ আগতে নাখাব মাছ-মাংস- সবিশেষ জানিবলৈ পঢ়ক

চকলেটে বৃদ্ধি কৰে যৌনাংগৰ প্ৰৱণতা / যৌন সংগমৰ আগতে নাখাব মাছ-মাংস- সবিশেষ জানিবলৈ পঢ়ক

চকলেট : যদিও চকলেট সধাৰণতে সৰু ল'ৰা-ছোৱালী বা প্ৰেমিকাক উপহাৰ হিচাপে দিয়া দেখা যায় কিন্তু ইয়াৰ আছে এটা বিশেষ গুণ । ইয়াৰ সেৱনে যৌনাংগৰ প্ৰৱণতা বৃদ্ধি কৰে । চকলেটত থকা চেৰট’নিন নামৰ হৰম’নে মন-মগজুৰো উন্নতি সাধন কৰে আৰু যৌন প্ৰৱণতা বৃদ্ধি কৰে ।

নহৰু : পৌৰাণিক কালৰে পৰাই নহৰুৰ ঔষধি গুণবোৰ যৌন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উত্তম বুলি জনা যায় । লগতে ই পুৰুষৰ দেহত শক্তিবৰ্ধক হিচাপে কাম কৰে । নহৰুৱে শৰীৰত তেজ পৰিশোধন কৰে আৰু তেজৰ চলাচল বৃদ্ধি হোৱাত অধিক সহায় কৰে । নহৰুত থকা ‘এলিচিন’ নামৰ পদাৰ্থ বিধে শৰীৰত সঠিক ৰূপত তেজৰ চলাচল কৰাৰ বাবে সহায়ক হয় আৰু লগতে যৌন উত্তেজনা বৃদ্ধিত সহায় কৰে । ইয়াৰোপৰি, নহৰুৱে আমাৰ দেহক বহু ধৰণৰ সংক্ৰমণৰ পৰাও ৰক্ষা কৰে ৷ সেয়েহে পুৰুষ বা মহিলাই নহৰুক খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰাতো নিত্যান্তই প্ৰয়োজন । তিল: তিল অতি পুষ্টিগুণসম্পন্ন। পুৰণি কালত গ্ৰীচত নৱদম্পতীকক তিলৰ কেক উপহাৰ দিয়াৰ নিয়ম আছিল। তিলত জিংক, চেলেনিয়াম, কেলাচিয়াম, মেগনেছিয়াম, ভিটামিন ‘ই’ আৰু প্ৰয়োজনীয় চৰ্বি পোৱা যায়। কণী : কণীৰ সেৱনে যৌন জীৱনত যথেষ্ট প্ৰভাৱ পেলায় । কণীত থকা ভিটামিন B-5 আৰু B-6 য়ে মানসিক চাপ হ্ৰাস কৰে, যিয়ে উত্তেজনা বৃদ্ধিত সহায় কৰে । কণীত থকা আন উপাদানসমূহেও দেহক শক্তিশালী আৰু সুস্থ কৰি ৰাখে ।

কেশৰ : কেশৰ এক প্ৰাকৃতিক যৌন শক্তিবৰ্ধক আৰু ই যৌন হৰমনক প্ৰভাৱিত কৰি এক সুস্থ যৌন জীৱনৰ বাবে সহায়ক হয় । ভাৰতৰ বিভিন্ন ঠাইত এতিয়াও কেশৰ গাখীৰৰ লগত মিহলি কৰি মধুচন্দ্ৰিকাৰ নিশা পান কৰাৰ প্ৰবাদ প্ৰচলিত আছে । তৰমুজ : তৰমুজেও দেহৰ যৌন প্ৰৱণতা বৃদ্ধিৰ বাবে সহায় কৰে । ইয়াত ‘চিত্ৰলাইন’ নামৰ এবিধ এমিন’ এচিড থাকে, যিয়ে আমাৰ দেহত আৰজিনাইন এমিন’ এচিড বৃদ্ধি কৰে । ফলস্বৰূপে ই শৰীৰৰ শিৰাসমূহ শিথিল কৰে আৰু যৌন প্ৰৱণতা বৃদ্ধি কৰাৰ উপৰিও যৌনাংগক অধিক কৰ্মথ কৰি তোলে । তৰমুজ ভায়েগ্ৰাৰ নিচিনাকৈ ইৰেক্তাইল দিচফাংচন ৰোধ কৰাত সহায়ক হয় । পাচলি : যৌন উত্তেজনাৰ ওপৰত কৰা বহু গৱেষণাই ইতিমধ্যে প্ৰমাণ কৰিছে যে, বতৰৰ পাচলিসমূহেও আমাৰ যৌন জীৱনত প্ৰভাৱ পেলাব পাৰে । বতৰৰ পাচলি যেনে- গাজৰ, তিয়ঁহ, পিঁয়াজ, বেঙেনা আৰু পালেং শাকে আমাৰ শৰীৰক সুস্থ ৰাখি আমাৰ যৌন সংগমৰ প্ৰৱণতা বৃদ্ধি কৰে ।

যৌন স্বাস্থ্যত প্ৰতিকূল প্ৰভাৱ পেলাব পৰা কাৰকসমূহ- অত্যাধিক খাদ্য বা মছলাযুক্ত আৰু ভজা খাদ্যই আমাৰ দেহৰ লগতে যৌন স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে ।কেজুইন বেছিকৈ থকা পানীয় অথবা খাদ্যই দেহত প্ৰতিকূল প্ৰভাৱ পেলায় । মন’চডিয়াম গ্ল’টামেট থকা খাদ্যই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে, যিয়ে যৌন জীৱনক প্ৰভাৱিত কৰিব পাৰে । মাদক দ্ৰব্য বা ড্ৰাগছৰ সেৱনে যৌন জীৱনত প্ৰতিকূল প্ৰভাৱ পেলায় । যৌন সংগমৰ আগতে মাংস বা মাখন জাতীয় খাদ্য খোৱা অনুচিত, কাৰণ ই শৰীৰত তেজৰ চলাচল কমাই দিয়ে আৰু যৌন আসক্তি কম কৰে ।

Comment / Reply From