Dark Mode
  • Sunday, 26 June 2022
এই গৰমত কেনেদৰে ল'ব স্বাস্থ্যৰ যতন ! কি কি খোৱা উচিত !

এই গৰমত কেনেদৰে ল'ব স্বাস্থ্যৰ যতন ! কি কি খোৱা উচিত !

ক্ৰমাৎ বৃদ্ধি পাই আহিছে উষ্ণতা । এই উষ্ণতাই বাৰু স্বাস্থ্যৰ যতন লোৱাত প্ৰভাৱ পেলোৱা নাইনে ? নিশ্চয় পেলাইছে । গৰমত বাৰু আপুনি আপোনাৰ স্বাস্থ্যৰ যতন কিদৰে লৈছে ? কি কি ফল খালে স্বাস্থ্যৰ উন্নতি হ'ব ? এই গৰমত কেৱল পানী খাই দেহটোক সজীৱ কৰি ৰাখিব নিশ্চয় নোৱাৰি নহয়নে ! অত্যাৱশ্যকীয় আহাৰৰ লগতে কিছু ফল-মূল খোৱাটো অতি প্ৰয়োজন । তেতিয়াহে আমাৰ শৰীৰটো ঠিকে থাকিব ।

এনেক্ষেত্ৰত বজাৰত বিভিন্ন ফল-মূল উপলব্ধ । তাৰে কেইবিধমান ফলে আপোনাক দিব সজীৱতা । এই ফলসমূহ দৈনিক খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিলে আপোনাৰ শৰীৰটোৱে প্ৰয়োজনীয় পুষ্টি লাভ কৰিব ৷ বৰ্তমান বজাৰত সহজে উপলব্ধ তৰমুজ, ষ্ট্ৰ'বেৰী, আনাৰস আৰু বহুতো ফলে শৰীৰক দিব পাৰে প্ৰয়োজনীয় পৰিপুষ্টি ।

১) আম : আম নিশ্চয় আপোনাৰ প্ৰিয় । যাক ফলৰ ৰজা বুলিও কোৱা হয় ৷ কেৱল ফল হিচাপে আমৰ ব্যৱহাৰ নহয় ৷ ই ভিন্ন প্ৰকাৰৰ মিঠাইতো উপলব্ধ ৷ আমত এণ্টি অক্সিডেণ্টৰ পৰিমাণ অধিক ৷ যাৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় ৷ ই শৰীৰত অনাৱশ্যকীয় কলেষ্টৰেল হ্ৰাস কৰাৰ লগতে চকুৰ বাবেও অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই সকলোবোৰ কাৰকৰ বাবে আম হৈছে গ্ৰীষ্মকালৰ সৰ্বশ্ৰেষ্ঠ ফল । ২) তৰমুজ : গ্ৰীষ্ম কালত তৰমুজ বহুতৰ বাবে এবিধ প্ৰিয় ফল ৷ কিয়নো ই কেৱল সুস্বাদু ফলেই নহয়, ইয়াত থকা পুষ্টিৰ পৰিমাণো অধিক ৷ তৰমুজত প্ৰায় ৯০ শতাংশ পানী থাকে ৷ যিয়ে হৃদৰোগ প্ৰতিৰোধত সহায় কৰে ৷ তৰমুজে আৰ্গিনিন নামৰ এমিন’ এচিডৰ উৎপাদনত সহায় কৰে, যি ৰোগ প্ৰতিৰোধ প্ৰণালীৰ কাৰ্যত সহায়ক ৰূপে বিবেচিত হয় ৷ ৩) ষ্ট্ৰ'বেৰী: ষ্ট্ৰ'বেৰীত উচ্চ পৰিমাণত ভিটামিন চি, মেংগানিজ, ফ’লেট, পটাচিয়াম, ভিটামিন বি আৰু ফ্লেভ’নইডৰ দৰে শৰীৰৰ প্ৰয়োজনীয় বহুতো উপাদান সন্নিৱিষ্ট থাকে ৷ তদুপৰি হৃদৰোগ প্ৰতিৰোধ কৰা আৰু বেয়া কলেষ্টৰেল হ্ৰাস কৰাৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী ফল হিচাপে পৰিচিত হৈছে ষ্ট্ৰ'বেৰী ৷ ষ্ট্ৰবেৰীত উচ্চ পৰিমাণে আঁহ থাকে ৷ যদিহে আপোনাৰ হজমৰ সমস্যা থাকে, তেন্তে ষ্ট্ৰ'বেৰীক দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক ৷

৪) আপেল : কণ-কণ ল'ৰা-ছোৱালীকে ধৰি বয়োজ্যেষ্ঠজনলৈ আপেল এবিধ অতি প্ৰিয় সুস্বাদু ফল । এই অপেলৰ আছে বিশেষ গুণ । উল্লেখ্য যে আপেল প্ৰায় সকলো ঋতুতে বজাৰত উপলব্ধ হয় ৷ আপেলবোৰ চালাড, স্মুদি, পাই আৰু ডেজাৰ্টত অন্তৰ্ভূক্ত কৰি গ্ৰহণ কৰিব পৰা যায় ৷ আপেলে হজম শক্তি বৃদ্ধিৰ লগতে হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে ৷ ৰক্ত শৰ্কৰা(Blood Sugar)ৰ স্তৰ নিয়ন্ত্ৰণতো ই সহায়ক ৰূপে পৰিচিত হৈছে ৷ আপেলত ভিটামিন আৰু খনিজ পদাৰ্থ অধিক পৰিমাণে থাকে ৷ যি হাড়, দাঁত আৰু ছাল মজবুত ৰখাত সহায় কৰে ৷ ৫) কমলা: আন ফলসমূহৰ দৰে কমলাও এবিধ অতি সুস্বাদু ফল । দৈনন্দিন ব্যায়াম কৰা লোকসকলৰ বাবে কমলা হৈছে প্ৰয়োজনীয় এবিধ ফল ৷ কিয়নো কমলাত থকা ৰসে আপোনাৰ শৰীৰক সতেজ কৰি ৰখাৰ লগতে শক্তি যোগান ধৰে ৷ কমলাৰ বহুতো উপকাৰিতা আছে, যাৰ ভিতৰত কলেষ্টৰেল হ্ৰাস, হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা, ছালৰ বাবে প্ৰয়োজনীয় উচ্চহাৰৰ ভিটামিন চি যোগান ধৰা আদি ৷ ৬) আনাৰস: সোৱাদ আৰু ৰসেৰে সমৃদ্ধ আনাৰস বহুতৰ প্ৰিয় ৷ আনাৰসত অধিক পৰিমাণে ভিটামিন চি পোৱা যায় , যিয়ে শৰীৰত কোষসমূহে পোৱা আঘাতৰ সৈতে যুঁজিবলৈ আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া বৃদ্ধিত সহায় কৰে ৷ আনাৰসত উচ্চহাৰত থকা মেংগানিজৰ ফলত হাড়ৰ স্বাস্থ্যৰ উপকাৰ সাধন হয় ৷ তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণৰ আঁহৰ লগতে আৰু এণ্টি অক্সিডেণ্ট থাকে ৷ গতিকে এই ফলসমূহ দৈনিক নিয়মিতভাৱে গ্ৰহণ কৰি গ্ৰীষ্ম কালত আপোনাৰ শৰীৰটোক সতেজ কৰি ৰাখিব পাৰে । লগতে চিকিৎসকৰ ওচৰলৈ নোযোৱাকৈ সুস্থ হৈ থকাৰো ই এক উত্তম উপায় ।

Comment / Reply From