Dark Mode
  • Sunday, 26 June 2022

তাজমহলৰ ২০টা কোঠাত শিৱৰ মূৰ্তি ! কিমান সঁচা এই তথ্য ?

তাজমহলৰ ২০টা কোঠাত শিৱৰ মূৰ্তি ! কিমান সঁচা এই তথ্য ?

বিতৰ্কৰ যেন অন্ত নাই । নিত্য নতুন বিতৰ্কই জনমানসত এক কৌতুহল সৃষ্টি কৰাটো যেন তেনেই সাধাৰণ হৈ পৰিছে । কিয়নো এইবাৰ ছাহজাহান আৰু মমতাজৰ প্ৰেমৰ স্মৃতি তাজমহলক লৈ দেশত সৃষ্টি হৈছে বিতৰ্ক ।উল্লেখ্য যে এই তাজমহলক কিছু লোকে তেজোমহল বুলি গণ্য কৰি আহিছে । প্ৰাপ্ত তথ্য অনুসৰি উচ্চ ন্যায়ালয়ত দাবী কৰিছে যে, ভগৱান শিৱৰ মূৰ্তি আৰু শিলালিপি তাজমহলৰ ওপৰৰ মহলাত নিৰ্মিত ২০টা বন্ধ কোঠাত ৰখা হৈছে । এই বন্ধ কোঠাবোৰ খোলাৰ বাবে এইবাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত এখন আবেদন দাখিল কৰা হৈছে। ইয়াৰ উপৰিও উচ্চ ন্যায়ালয়ৰ পৰা চৰকাৰৰ এক তথ্য অনুসন্ধান সমিতি গঠন কৰাৰ দাবীও উত্থাপিত হৈছে। 

অযোধ্যাৰ বিজেপি গোটৰ মিডিয়া প্ৰভাৰী আৱেদনকৰ্তা ডা০ ৰজনীশ কুমাৰ সিঙে অধিবক্তা ৰুদ্ৰ বিক্ৰম সিঙৰ জৰিয়তে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এক বিচাৰপীঠত এখন আবেদন দাখিল কৰিছে। তেওঁ দাবী কৰিছে যে, তাজমহলত এটা পুৰণি শিৱ মন্দিৰ আছে। শিৱ মন্দিৰৰ মূৰ্তি আৰু শিলালিপি মোগল সম্ৰাট ছাহজাহানে তাজমহলৰ ভিতৰত লুকুৱাই ৰাখিছিল। আবেদনকাৰী ড০ ৰজনীশ কুমাৰ সিঙে যুক্তি দিছে যে, তাজমহল এটা প্ৰাচীন স্মৃতিস্তম্ভ। স্মাৰকটো সংৰক্ষণৰ বাবে চৰকাৰে কোটি কোটি টকা ব্যয় কৰে। ইয়াৰ বিষয়ে সঁচা আৰু সম্পূৰ্ণ ঐতিহাসিক তথ্য ৰাইজৰ সন্মুখত অনা উচিত। সেইকাৰণে আবেদন দাখিল কৰা হৈছে। তেওঁলোকে দাবী কৰা অনুসৰি তাজমহলৰ চাৰিমহলীয়া ভৱনটোৰ ওপৰৰ অংশত ২২টা কোঠা আছে। যিবোৰ অস্থায়ীভাৱে বন্ধ কৰা হৈছে। চিচিয়ে এএছআইক তাজমহল কমপ্লেক্সৰ বন্ধ কোঠাবোৰৰ দুৱাৰ খুলিবলৈ দাবী জনাইছে। তেওঁলোকে দাবী কৰে যে, এই কোঠাবোৰৰ ভিতৰত ভগৱান শিৱৰ মূৰ্তিবোৰ শিলালিপি আৰু গুৰুত্বপূৰ্ণ প্ৰমাণ। তেওঁলোকে দাবী কৰে যে, তাজমহলৰ পূৰ্বে সেই ঠাইত ভগৱান শিৱৰ এটা মন্দিৰ আছিল। ইফালে তাজমহলক তেজো মহল বুলি কোৱা লোকৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে।

আনহাতে শেহতীয়াকৈ অযোধ্যাৰ পৰমহংস দাসে তাজমহলত ভগৱান শিৱৰ পিণ্ডি আছে বুলি দাবী কৰিছিল। দাবী কৰা মতে, এই গুৰুত্বপূৰ্ণ ঐতিহাসিক প্ৰমাণবোৰ আজিও তাজমহলত আছে। অৱশ্যে, আদালতে প্ৰমাণ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল। এনেদৰে এতিয়া ঐতিহাসিক পৰ্যটন ক্ষেত্ৰ তাজমহল বিতৰ্কৰ মাজত সোমাই পৰিছে । বহুতে ইয়াক ধৰ্মীয় মেৰুকৰণ কৰাৰ অপচেষ্টা বুলি সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাও পৰিলক্ষিত হৈছে । ভিন্নজনে ভিন্ন প্ৰতিক্ৰিয়া আগবঢ়াইছে । সি যি কি নহওক ই অতি চিন্তনীয় বিষয় যে এনেদৰে বিতৰ্কৰ মাজত পৌৰাণিক কীৰ্তিচিহ্ন অথবা ঐতিহাসিক ক্ষেত্ৰ সুমাই পৰিছে। এই সকলোবোৰ দাবী অথবা আশংকা মহামান্য আদালতৰ নিৰ্দেশনা অথবা নিৰ্দিষ্ট সিদ্ধান্তৰ পিছতহে সমাপ্তি ঘটিব ।

Comment / Reply From