সঁচাকৈ নোৰা ফাটেহী আৰু টেৰেঞ্চ লুইছৰ মাজত আছে নেকি প্ৰেমৰ সম্পৰ্ক ?

বলীউডৰ জনপ্ৰিয় নৃত্যশিল্পী টেৰেন্স লুইছক বাৰু নাজানে কোনে ? আপোনাৰো নিশ্চয় প্রিয় এইগৰাকী পৰিচালক । পিছে শেহতীয়াকৈ তেওঁ গায়ক হিচাপে সংগীত জগতত নিজৰ সংগীত ভিডিঅ' সহিতে দর্শকলৈ আগবঢ়াইছে। বৰ্তমানেও ইয়াৰ প্ৰচাৰত ব্যস্ত থকা দেখা গৈছে টেৰেঞ্চ লুইছক । বহুদিন ধৰি এইগৰাকী শিল্পী আৰু অভিনেত্ৰী নোৰা ফাটেহীৰ মাজত এক সম্পৰ্ক গঢ় লৈ উঠাৰ কথা নেতিজনৰ মাজত চৰ্চা চলিছিল । বিশেষকৈ ৰিয়েলিটি শ্ব' ইণ্ডিয়াজ বেষ্ট ডান্সাৰত মালাইকা অৰোৰাৰ স্থান লোৱাৰ পাছৰে পৰা এই চৰ্চা চলিছিল । দুয়োগৰাকীৰ কেমিষ্টিয়ে দৰ্শকক বাৰুকৈ আমোদ যোগাইছিল । পিছে সঁচাকৈ আছেনে বাৰু এওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক ?
এই সন্দৰ্ভত অৱশেষত নীৰৱতা ভংগ কৰিলে টেৰেন্স লুইছে। জনপ্ৰিয় আৰ. জে. সিদ্ধাৰ্থ কান্নানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সকলো খুলি ক'লে তেওঁ । যেতিয়া hostগৰাকীয়ে তেওঁক সুধিছিল যে নোৰাক টেৰেন্সে সঁচাকৈ ডেট কৰিছিল নেকি ,তেতিয়া তেওঁ হাঁহি উত্তৰ দিছিল যে “ৰাজ কী বাত ৰাজ ৰেহনে দো ।" তেওঁক অফ্ কেমেৰা কম বুলি ধেমালি কৰি পিছত কয় যে তেওঁলোক দুয়ো কেৱল ভাল বন্ধু । তেওঁ লগতে কয় যে টেলিভিচন পৰ্দাত তেওঁলোকৰ কেমিষ্ট্রীক দর্শকে ভাল পাইছে বাবে তেওঁলোকৰো ভাল লাগিছে । কিন্তু বাস্তৱত দুয়ো ভাল বন্ধু বুলি তেওঁ স্পষ্টকৈ ক'লে । আনহাতে নোৰা ফাটেহী সন্দৰ্ভত কয় যে ,“তাই এগৰাকী ভাল নৃত্যশিল্পী আৰু কঠোৰ পৰিশ্ৰমী । সেইবাবে তাইৰ লগত কাম কৰি ভাল লাগে ।”
তদুপৰি তেওঁ ব্যক্তিগত প্ৰেম সন্দৰ্ভত কয় যে,“তেওঁ কাৰো অধিকাৰী হ'ব নিবিচাৰে আনহাতে তেওঁ কাৰো অধিকাৰ হ'বও নিবিচাৰে ।” তেওঁৰ মতে প্ৰকৃত প্ৰেম মুক্ত । কোনেও কাকো সম্পূৰ্ণ কৰিব নোৱাৰে । এনেদৰে তেওঁ নিজৰ ব্যক্তিগত মনোভাব স্পষ্টকৈ খুলি ক'লে আৰু নোৰা ফাটেহী আৰু তেওঁৰ প্ৰেমৰ সন্দৰ্ভত নেতিজনৰ মাজত প্ৰচাৰিত হোৱা উৰাবাতৰি সন্দৰ্ভতো স্পষ্টকৈ কোৱা পৰিলক্ষিত হয় ।
Comment / Reply From
You May Also Like
Popular Posts
Newsletter
Subscribe to our mailing list to get the new updates!