Dark Mode
  • Sunday, 26 June 2022

প্ৰথমে অনলাইন গেম,তাৰপিছত প্ৰেম আৰু শেষত বিবাহ

প্ৰথমে অনলাইন গেম,তাৰপিছত প্ৰেম আৰু শেষত বিবাহ

প্ৰেম হেনো এক স্বৰ্গীয় অনুভূতি । কাৰ কেতিয়া কেনেদৰে প্ৰেম হয় কোনেও ক'ব নোৱাৰে । অনলাইন অথবা অফলাইন বুলি জানো প্ৰেম আছে ! প্ৰেম প্ৰেমেই । আৰম্ভণি যেনেকৈ নহওক কিয় ইয়াৰ অনুভৱেই যেন সুকীয়া ।

বৰ্তমান সময়ত অনলাইন গেমৰ প্ৰয়োভৰ যথেষ্ট বেছি হোৱা দেখা গৈছে । বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত এই গেমসমূহ অতি জনপ্ৰিয় । পিছে আপুনি জানেনে এই অনলাইন গেমৰ জৰিয়তেও গঢ়ি উঠিব পাৰে প্ৰেম । হয় ঠিকেই শুনিছে । অনুভূতি যদি হৃদয়ৰ নিভৃত কোণৰ পৰা জাগ্ৰত হয় তেন্তে বাধা দিব পাৰেনো কোনে !

এই অনলাইন গেমৰ জৰিয়তে অসমৰ এগৰাকী যুৱতীৰ সৈতে চিনাকি হৈছিল সুদূৰ লণ্ডনৰ এগৰাকী যুৱক । কইনা অসমৰ শিৱসাগৰৰ শিৱসাগৰৰ খাটপথাৰৰ জীয়াৰী ৰাজকুমাৰী লোপামুদ্ৰা । লোপাৰ প্ৰেমত হাবুডুবু হৈ সাত সাগৰ তেৰ নদী পাৰ হৈ কইনা নিবলৈ আহিল লণ্ডনৰ poul Anthony Harewood । হাতত হেংদাং লৈ দৰাৰ পণ, বিপদৰ সময়ত সদায় থাকিব লগত।

দৰাৰ লগত আহিল এন্থনিৰ পিতৃ-মাতৃ, ভাতৃ আৰু বহু আত্মীয়-স্বজন । লকডাউনৰ সময়ত ম'বাইলত অনলাইন গেম খেলি চিনাকী হৈছিল দুয়ো আৰু ক্ৰমান্বয়ে গঢ়ি উঠিছিল সম্পৰ্ক । শেষত মঙলবাৰে সম্পন্ন হ'ল দুয়োৰে বিবাহ। সম্পূৰ্ণ চকলং পদ্ধতিৰে এন্থনি আৰু লোপামুদ্ৰাৰ বিবাহ সম্পন্ন হয়। ৰুমালেৰে মুখ ঢাকি অসমীয়া দৰা সাজে বিবাহ মণ্ডপত বহিল দৰা । অসমীয়া কইনা পাই আনন্দত আত্মহাৰা দৰাৰ আত্মীয় । আনহাতে অসমীয়া পাটৰ চাদৰ-মেখেলা পিন্ধি বিহু নাচিলে দৰাৰ মাতৃয়ে। ঢোলৰ মাত শুনি ৰৈ নাথাকিল ভাতৃ। এইদৰে সম্পন্ন হয় এন্থনি আৰু লোপামুদ্ৰাৰ বিবাহ। বিদেশৰ জোৱাইক চাবলৈ কইনাঘৰত ভিৰ আলহীৰ । সকলোৱে আৰ্শীবাদ দিলে তেওঁলোকক । এইদৰে ছ'চিয়েল মিডিয়াত এই বিয়াই বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে । আমাৰ তৰফৰ পৰাও দুয়োগৰাকীলৈ যুগ্ম জীৱনৰ অযুত শুভকামনা ।

Comment / Reply From