Dark Mode
  • Thursday, 18 August 2022

দৈনন্দিন জীৱনত মানিব চলিব এইসমূহ নিয়ম - সবিশেষ জানিবলৈ পঢ়ক👇

দৈনন্দিন জীৱনত মানিব চলিব এইসমূহ নিয়ম - সবিশেষ জানিবলৈ পঢ়ক👇

 

দৈনন্দিন জীৱনত আমি প্ৰতিদিনে বিভিন্ন কাম সম্পন্ন কৰিবলগীয়া হয় । আমি কৰা সৰু-বৰ বিভিন্ন কামে আমাৰ জীৱন প্ৰক্ৰিয়াত প্ৰভাৱ পেলায় । স্বাস্হ্য অথবা মন দুয়ো দিশতে আমি গুৰুত্ব দিয়া উচিত । দৈনন্দিন জীৱনত আমি এনে কি কি ভুল কৰোঁ জানো আহক-

(১) মেদবহুলতা এক ডাঙৰ সমস্যা বুলি আজিকালি বহুতেই শৰীৰৰ ওজন কমাবলৈ খোৱা-বোৱা অত্যধিক পৰিমাণে কমাই দিয়ে ৷ সঠিক পদ্ধতি অনুসৰণ নকৰি ডায়েট কণ্ট্ৰল কৰিব নালাগে ৷ ই শৰীৰৰ মাৰাত্মক ক্ষতি কৰিব পাৰে ৷ সেয়েহে খোৱাৰ ক্ষেত্ৰত নজৰ দিয়াটো অতি জৰুৰী৷ সঠিক পদ্ধতিত ডায়েট কৰি, অতিৰিক্ত তেল-মছলাযুক্ত খাদ্য, জাংক ফুড বৰ্জন কৰিলে শৰীৰ সুস্থ ৰখাত সহায় কৰে ৷

(২) বৰ্তমান সময়ত সুৰাপান যুৱ-প্ৰজন্মৰ এক আসক্তি হৈ পৰা পৰিলক্ষিত হৈছে ।অতিৰিক্ত ধূমপান বা মদ্যপান দুয়োটাই স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ অতিৰিক্ত মদ্যপান বা ধূমপানে মানৱ জীৱনত কুপ্ৰভাৱ পেলায় ৷গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা উচিত । (৩) পানীয়েই প্ৰাণীৰ প্ৰাণ । আপুনি জানেনে আমাৰ শৰীৰক দৈনিক ৩ লিটাৰ পৰ্যন্ত পানীৰ প্ৰয়োজন ৷ শৰীৰত পৰ্যাপ্ত পানী থাকিলে আদ্ৰৰ্তা বজাই ৰাখে ৷ লগতে সুস্থ জীৱন-যাপন সম্ভৱ হয়৷ ইয়াৰ উপৰি শৰীৰৰ অলাগতিয়াল বৰ্জনীয় পদাৰ্থবোৰ শৰীৰৰ পৰা বাহিৰ হোৱাত ই যথেষ্ট সহায় কৰে৷ সেয়েহে পৰ্যাপ্ত মাত্ৰাত পানী খাব লাগে ৷

(৪) আপুনি বাৰু খালী পেটত চাহ, কফি আদি সেৱন কৰে নেকি ? তেন্তে সাৱধান ! ইয়াত ফলত নানা সমস্যাই দেখা দিব পাৰে৷ দীৰ্ঘদিন এই অভ্যাসৰ ফলত গেছ, ক্ৰনিক, বদহজম আদি সমস্যাই দেখা দিব পাৰে৷ তদুপৰি অতিৰিক্ত চেনি খালে ছুগাৰৰ সমস্যায়ো দেখা দিব পাৰে৷ (৫) হতাশা অথবা নেতিবাচক চিন্তা, মানসিক অস্থিৰতা আদিও স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ বহু সময়ত ই মৃত্যুৰ কাঠগৰালৈ এগৰাকী ব্যক্তিক ঠেলি লৈ যাব পাৰে । গতিকে হতাশা অথবা নেতিবাচক চিন্তাধাৰাক আওকাণ কৰি দুদিনীয়া জীৱনটো উপভোগ কৰাই শ্ৰেয় ।

Comment / Reply From