Dark Mode
  • Sunday, 26 June 2022

এখন চেল্ফিৰ নামত ১০০ টকা ল'লে বলীউড অভিনেত্ৰী চাৰা আলী খানে !

এখন চেল্ফিৰ নামত ১০০ টকা ল'লে বলীউড অভিনেত্ৰী চাৰা আলী খানে !

বলীউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী চাৰা আলী খান । তেওঁ অনুৰাগীৰ পৰা চেল্ফি তোলাৰ নামত ল'লে ১০০ টকা পৰ্যন্ত ধন । কিন্তু কিয় ! জনপ্ৰিয় ক'মেডী শ্ব ‘The khatra khatra show’ আপোনাৰ নিশ্চয় প্রিয় । এই শ্ব'টোত অংশ লৈছিল অভিনেত্ৰীগৰাকীয়ে। এই শ্ব'ত তেওঁ গান গাইছিল আৰু তেওঁ অনুৰাগীসকলৰ সৈতে চেল্ফি তোলাৰ লগতে ধনৰ বিনিময়ত অট'গ্ৰাফ দিছিল ।

চাৰা আলী খানে ৰাজপথলৈ ওলাই আহিছিল আৰু বিভিন্ন ক্ৰিয়া-কলাপ অনুৰাগীসকলৰ সৈতে কৰিছিল । আচলতে শ্ব'টোৰ Host ফাৰাহ খানে তাইক সেইটো Dare দিছিল । শ্ব'টোৰ Co-Host আছিল ভাৰতী সিং আৰু তেওঁ ৰাজপথত সেই Dare পৰিচালনা কৰিবলৈ চাৰাৰ সৈতে যোৱা দেখা গৈছিল । আচলতে ভাৰতী আৰু ফাৰাহ খানৰ উপস্থিতিত Haarsh Limbachiyaaই কিছু ধেমালি কৰি কৌতুক কৰিছিল । ইয়াৰ পাছত চাৰাই ধেমালি কৰি অনুষ্ঠানটোৰ মালিকীস্বত্ব দাবী কৰিছিল । সেয়ে ফাৰাহ খানে এই Dare দিছিল

ৰাজপথত প্ৰথমজন অনুৰাগীয়ে অভিনেত্ৰীৰ সৈতে চেল্ফি তুলিবলৈ ২০ টকা দিব খুজিছিল যদিও চাৰাই অস্বীকাৰ কৰে । পাছত ৰিক্সা চালকক ৰখাই তেওঁক একেই প্ৰস্তাৱ দিয়াত তেওঁ চাৰাক কেনেকৈ ধন দিব পাৰে বুলি চাৰা আলী খানক কৈছিল । ইয়াৰ পাছতে এজনে চেল্ফি তুলিবলৈ ১০০ টকা দিয়ে আৰু আন এজনে ৫০০ টকাৰ বিনিময়ত চাৰা আলীক গান গোৱাইছিল । ইয়াৰ পাছতে আন এজন বাইক আৰোহীৰ পৰা লিফ্ট লোৱাও দেখা যায়। এনেদৰে এই শ্ব'ত অংশগ্ৰহণ কৰি দৰ্শকক আমোদ দিয়ে অভিনেত্ৰীগৰাকীয়ে ।

Comment / Reply From