সপোনত সাপ দেখিলে কি হয় জানেনে ? জানক সবিশেষ

(স্পষ্টীকৰণ- এই লেখনি সাধাৰণ তথ্য আৰু বিশ্বাসৰ ওপৰত আধাৰিত। গতিকে DigitalkLiveএ ইয়াৰ নিশ্চিতকৰণ নিদিয়ে )
সাধাৰণতে শোৱাৰ পিছত আমি যিখন জগতত প্ৰৱেশ কৰো সেইখন জগতক সপোনৰ জগত বুলি কওঁ।এই সপোনৰ জগতখনত ভিন্ন সময়ত ভিন্ন সপোন দেখা পোৱা যায় । সেইবোৰে বহু সময়ত আমাক দুদুল্যমান অৱস্থাত পেলায় । কেতিয়াবা আমি এনেকুৱা সপোন দেখো শুই থকা মানুহো জাগি উঠে। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি আমি যিবোৰ সপোন দেখো সেইবোৰ শুভ আৰু অশুভ ফলৰ সংকেত দিয়া হয় বুলি বিশ্বাস কৰা হয় । সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যদি আপুনি সপোনত সাপ দেখে তেতিয়া আপোনাৰ ঘৰত নতুন আলহী আহিব পাৰে। লগতে আপোনাৰ সন্তানৰ সুখ প্ৰাপ্তি হ’ব পাৰে। লগতে এই সপোনে আপোনাৰ ধন ঘটাৰ সুযোগ দিব পাৰে।
কেতিয়াবা সপোনাত সাপে কামোৰাও দেখা যায় । পিছে চিন্তাৰ কাৰণ নাই । ই আপোনাৰ বাবে শুভ। ইয়াৰ অৰ্থ এইটোৱে যে আপোনাৰ সন্মান বঢ়াৰ লগতে ধনৰ প্ৰাপ্তি হ’ব পাৰে। সপোনত যদি সাপ দৌৰি অহা দেখে সেয়া অশুভ। কোৱা হয় ইয়াৰ ফলত শত্ৰু বাঢ়ে। মৰা সাপ দেখাও অশুভ। কিন্তু জোৰ সাপ দেখিলে শুভ ফল পোৱা যায়।
আনহাতে বগা সাপ দেখিলে ধন–সম্পত্তি লাভ হ’ব পাৰে। বগা সাপৰ সপোন শুভ বুলি বহুতে বিশ্বাস কৰে । তদুপৰি সপোনত যদি কোনো মন্দিৰত সাপ দেখিছে, তেন্তে ই শুভ বুলি ধৰা হয়। এই সপোন দেখিলে মনৰ ইচ্ছা পূৰণ হয়। কিন্তু সপোনত যদি সাপে ৰাস্তা পাৰ হোৱা দেখে তেন্তে সেয়া অশুভ বুলি ধৰা হয় । আনহাতে ৰাস্তাৰ বাওঁ দিশে সাপ দেখাও অশুভ। কিন্তু সোঁহাতে সাপ দেখাটো শুভ বুলি বহুতে বিশ্বাস কৰে ।
Comment / Reply From
You May Also Like
Popular Posts
Newsletter
Subscribe to our mailing list to get the new updates!