কৰ’ণাই আনিলে পৰিৱৰ্তন ৷ উদীয়মান বাঁহীবাদকে বাঁহী এৰি হাতত তুলি ললে কেঁচী-AMARXOMOY

0
199

আমাৰ সময় ; ৩১ ডিচেম্বৰঃ কৰ’ণাই আনিলে পৰিৱৰ্তন ৷ উদীয়মান বাঁহীবাদকে বাঁহী এৰি হাতত তুলি ললে কেঁচী ৷ বিশ্বত্ৰাস ক’ৰনাই সমগ্ৰ বিশ্বৰে জীৱন ধাৰণৰ মান সলনি কৰি দিলে ৷ বিগত মাৰ্চৰ পৰা চলি থকা কৰ’ণাৰ এই সন্ত্ৰাসৰ কেতিয়া অৱসান ঘটিব সেয়া কোনেও নাজানে ৷ কিন্তু এই কৰ’ণাই বহুতৰ জীৱনলৈ আনিলে পৰিৱৰ্তন ৷ নিবনুৱা হ’ল লাখ লাখ জন ৷ আনহাতে সাংস্কৃতিক অনুষ্ঠান আৰু থিয়েটাৰসমূহ বন্ধ হোৱাৰ ফলত বহু সাংস্কৃতিক কৰ্মীয়ে জীৱন নিৰ্ব্বাহৰ বাবে ল’বলগা হৈছে পৃথক পথ ৷ কোনোবাই যদি দোকান দিছে আন কোনোবাই আকৌ কৃষিকাৰ্য কৰিছে ৷
বঙাইগাঁওৰ এগৰাকী উদীয়মান বাঁহীবাদকে হাতত বাঁহীৰ পৰিৱৰ্তে ল’বলগা হৈছে কেঁচী ৷ খুলি ললে চেলুন ৷ দীৰ্ঘদিন ধৰি ৰাজ্যত সাংস্কৃতিক অনুষ্ঠান বন্ধ হৈ থকাৰ বাবে উপাৰ্জনৰ পথো বন্ধ হৈ পৰিছে সংগীত শিল্পীৰ বাদ্য যন্ত্ৰী সকল ৷
হয়, এইজন হ’ল উৎপল দাস ৷ কোকৰাঝাৰৰ যুৱক উৎপলে হাতৰ বাঁহীটোক খুব ভাল পায় ৷ বাঁহীক লৈ বহু সপোন যুৱকজনৰ ৷ বাঁহী পালেই আপোনপাহৰা হৈ পৰে উৎপল ৷ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বাঁহী পৰিৱেশন কৰি দৰ্শকৰ ভূয়সী প্ৰংশসাও লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজনে ৷ কিন্তু এতিয়া বাঁহী এৰি হাতত ল’ব বাধ্য হৈছে কেঁচী ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীত Hairloon নামৰ এখন চেলুন খুলি এতিয়া জীৱন যুঁজত অৱতীৰ্ণ হৈছে এই উদীয়মান বাঁহীবাদকজনে ৷ এতিয়াও গ্ৰাহকৰ ভিৰৰ মাজে মাজে সুযোগ বুজি হাতত তুলি লয় বাঁহী ৷ অসমৰ সাংস্কৃতিক কৰ্মীসকলৰ কথা চিন্তা কৰি অনতিপলমে সাংস্কৃতিক অনুষ্ঠান সমূহ মুকলি কৰিবৰ বাবে চৰকাৰক আহ্বান জনাইছে উৎপল দাসে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here