গোলাঘাটৰ ফৰকাটিংত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ – AMARXOMOY

0
152

আমাৰ সময় ; ২৫ ডিচেম্বৰঃ গোলাঘাটৰ ফৰকাটিংত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ ।অখিল গগৈৰ মুক্তিৰ দাবী ৷ গোলাঘাটৰ ফৰকাটিঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল ৷ যোৱা ২৪ ডিচেম্বৰত ফৰকাটিং মহাবিদ্যালয়ৰ সন্মুখত মহাবিদ্যালখনৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গোটে মানৱ শৃংখল কাৰ্যসুচী ৰূপায়ণ কৰি শীঘ্ৰেই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ লগতে কৃষক নেতা অখিল গগৈৰ বিনা চৰ্তে মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে ছাত্ৰ সংগঠনটো । কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবী শীঘ্ৰে মানি নললে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here