দেৰগাঁৱত কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

0
168

আমাৰ সময় ;নিৰঞ্জন দাস ; ৯ ডিচেম্বৰ :দেৰগাঁৱত কৃষক বিৰোধী কৃষি আইন বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ । অঞ্চলটোত সৰ্ব্বাত্মক ৰূপত পৰিল ভাৰত বন্ধৰ প্ৰভাৱ ৷ দেৰগাঁৱত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ । পুৱাৰ পৰা বন্ধ হৈ পৰিল সকলো দোকান -বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান । ৰাজপথত দুই এখন ব্যক্তিগত বাহনৰ বাদে বন্ধ হৈ পৰিল সকলো বাহনৰ চলাচল । কৃষক বিৰোধী আইন বাতিল, কৃষি ক্ষেত্ৰ পুঁজিপতিক গতাই দিয়াৰ চক্ৰান্ত বন্ধ কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, EIA বাতিল কৰাকে ধৰি বিভিন্ন দাবীত আজি প্ৰতিবাদী কৃষকে আহ্বান জনাইছিল এই বন্ধ । বন্ধলৈ বিভিন্ন দল-সংগঠনেও জনাইছিল পূৰ্ণ সমৰ্থন । সমগ্ৰ ৰাজ্যখনৰ লগতে দেৰগাঁও বাসীয়ে সৰ্ব্বাত্মক ভাৱে এই বন্ধ পালন কৰা দেখা গ’ল ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here