বাক্সাৰ ৰূপহীত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ

0
592

বাক্সাৰ শালবাৰীৰ ৰূপহীত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জয় মুছাহাৰীৰ হৈ যোৱা কালি আবেলি এখন নিৰ্বাচনী সভাত অংশগ্রহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। উক্ত নিৰ্বাচনী সভাত অংশগ্রহণ কৰি তেওঁ কয় যে বিটিচিত মাটি কিনা-বেচা, মাটিৰ পাট্টা প্ৰদান, আদি সকলো সমস্যাৰে সমাধান কৰিব আৰু সকলো জাতি জনগোষ্ঠীৰে সুকীয়াকৈ উন্নয়ন বোর্ড গঠন কৰিব আৰু ৰাজহুৱা মন্দিৰসমূহক লৈও নতুন নতুন আচনি আনিব বুলিও কয়। লগতে তেওঁ আৰু কয় যে, এইবাৰৰ নিৰ্বাচনত প্ৰমোদ বড়োৰ ইউপিপিএল দল হাৰিব আৰু পুনৰ বিপিএফেই বিটিচিত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here