সংবাদকৰ্মী ছাহেদ আলী আহমেদৰ জন্ম দিন উপলক্ষে সজাগতা পথ সভা আৰু  বিনামূলীয়া  মাস্ক বিতৰণ 

0
559

সেখ ৰহমত উল্লাহ: কয়াকুছিত মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ ‘মাছ’ আৰু সমন্বয় সাহিত্য গোষ্ঠীৰ উদ্যোগত সংবাদকৰ্মী ছাহেদ আলী আহমেদৰ জন্ম দিন উপলক্ষে সজাগতা পথ সভা আৰু  বিনামূলীয়া  মাস্ক বিতৰণ

বিনামূলীয়া মাস্ক বিতৰণ কাৰ্যসূচী  শুভাৰম্ভ কৰে বৰপেটা জিলা উন্নয়ন আয়ুক্ত ডা০ বাবুল চহৰীয়াই শুভাৰম্ভ কৰে অনুষ্ঠানঃ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিস্থিত কাৰ্যালয়ৰে পৰিচালিত প্ৰেৰণা পুথি ভৰাঁল ¸ সমন্বয় সাহিত্য গোষ্ঠী আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ ‘মাছ’ৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত কয়াকুছি বজাৰ তিনিআলিত পাচঁ শতাধিক মানুহৰ মাজত বিনামূলীয়া মাস্ক বিতৰণ কৰে উদ্যোক্তাসকলে । সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেদ্ৰ  বিশ্ব বিখ্যাত ঢাৰিনগৰী ¸ বিদ্যানগৰী তথা ক্ষুদ্ৰ উদ্যোগৰ  বাণিজ্য নগৰী খ্যাত কয়াকুছিৰ সমীপবৰ্তী পুতলাৰটাৰী নিবাসী মৰহুম সাহেব উদ্দিন আৰু মৰহুমা সুৰতজান নেছাৰ সুযোগ্য সমাজ দৰদী পুত্ৰ সংবাদকৰ্মী ছাহেদ আলী আহমেদৰ ১৭ চেপ্তেম্বৰ ৪৭ সংখ্যক  জন্ম দিন  উপলক্ষে সমন্বয় সাহিত্য গোষ্ঠী আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোক্তাসকলে এই বিশেষ পদক্ষেপ হাতত লয় । সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতি চমুকৈ ‘মাছ’ৰ বৰপেটা জিলা সমিতিৰ সচিব সংবাদকৰ্মী তথা সমাজ দৰদী  ছাহেদ আলী আহমেদৰ জন্ম দিনটোত সজাগতা পথ সভা আৰু বিনামূলীয়া মাস্ক বিতৰণ কাৰ্যসূচীক সচেতন মহলে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সংবাদকৰ্মী জনৰ ভৱিষ্যত জীৱনৰ উত্তৰোত্তৰ কামনা কৰে । কয়াকুছি বজাৰ তিনি আলিত বিনামূলীয়া মাস্ক বিতৰণ কাৰ্যসূচী  শুভাৰম্ভ কৰে বৰপেটা জিলা উন্নয়ন আয়ুক্ত ডা০ বাবুল চহৰীয়াই  । উক্ত অনুষ্ঠানত  আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম সাংবাদিক সন্থা চমুকৈ ‘আজু’ৰ বৰপেটা জিলা সমিতিৰ সভাপতি সাংবাদিক  নজৰুল ইছলাম ¸ সমাজকৰ্মী আমজাদ  হুছেইন ¸ সমাজকৰ্মী আব্দুল জলিলে  । উক্ত অনষ্ঠানত বাওঁপন্থী নেতা পিয়াৰুল ইছলাম আহমেদ ¸ কৃষক মুক্তি সংগ্ৰাম সমিতি  তথা ‘মাছ’ৰ কৰ্মী হাছেন আলী ¸ জ্যেষ্ঠ নাগৰিক বাহাৰুল ইছলাম ¸ প্ৰবক্তা আব্দুল কাবিল উদ্দিন , সংবাদকৰ্মী আবু নাছিৰ আলম ¸ বেচৰকাৰী সংস্থা  প্ৰগতিৰ সভাপতি মনিৰুজ জামানকে আদি কৰি বহু কেইগৰাকী গন্য মান্য ব্যক্তি সকল উপস্থিত থাকি সহযোগ কৰাৰ লগতে আহমেদৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আন্তৰিকতাৰে কামনা কৰে । উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত হাফিজ আফজাল হকৰ সহযোগত কৰোনাৰ পৰা বিশ্বক মুক্তি দিয়া আৰু বিশ্ব শান্তিৰ বাবে মোনাজাতেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে উদ্যোক্তাসকলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here