হিমাচল প্ৰদেশৰ মানালীত অনুষ্ঠিত হব ইণ্ডিয়া কাৰাটে চেমিনাৰ

0
369

আমাৰ সময় ; ২০ নৱেম্বৰ : হিমাচল প্ৰদেশৰ মানালীত অনুষ্ঠিত হব ইণ্ডিয়া কাৰাটে চেমিনাৰ ৷ অহা ২১ নবেম্বৰৰ পৰা ২৫ নবেম্বৰ লৈকে অনুষ্ঠিত হব লগা চেমিনাৰত দেশৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈ সকলে অংশ গ্ৰহন কৰাৰ লগতে গোলাঘাটৰ বুঢ়ালিকচন অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমী আৰু দেৰগাঁৱৰ খঙ্গীয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ আঠ গৰাকী প্ৰশিক্ষাৰ্থীয়েও অংশ গ্ৰহন কৰিব ৷
প্ৰশিক্ষক সঞ্জীৱ বৰা আৰু প্ৰণৱ কুমাৰ বৰুৱাৰ নেতৃত্বত ছেমিনাৰত অংশ গ্ৰহণ কৰিব লগীয়া প্ৰশিক্ষাৰ্থী সকল ক্ৰমে স্বাধীন গগৈ, অম্লানজ্যোতি বৰুৱা, যুৱৰাজ বৰুৱা, অবিনাশ বৰা, যুগান্তৰ বৰা, মন্দাকিনী বৰুৱা, বিষ্ণুপ্ৰিয়া বৰুৱা আৰু কিঞ্জলক হাজৰিকা। আমাৰ সময়ৰ পৰিয়ালৰ পৰা দলটিলৈ জনালো শুভকামনা ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here