ৰাজ্যত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাত

0
486

যোৱা নিশাও সংঘটিত হয় হাতী-মানুহৰ সংঘাত ।
হোজাইত হাতী মানুহৰ মাজত হোৱা সঘাতৰ ফলত এজন ব্যক্তি নিহত হয় ।হোজাইৰ ছালবাগানত বন্যহস্তীৰ আক্ৰমণত নিহত হয় ৫৫ বছৰীয়া এজন লোক।নিহত লোকজনৰ নাম হৈছে বিনু কুৰকুট ।

জানিব পৰা মতে,নিশা লোকজনে তেওঁৰ ধান খেতি পহৰা দিবলৈ যাওঁতে সংঘটিত হয় এই দুৰ্ঘটনা ।
স্থানীয় লোকে জনোৱা মতে ধান খেতি চাবলৈ যোৱাৰ সময়তে বন্যহস্তীৰ আক্ৰমণত নিহত হয় বিনু কুৰকুট নামৰ ব্যক্তিজন ।

পুৱাৰ ভাগতহে স্থানীয় লোকে প্ৰত্যক্ষ কৰে নিহত লোকজনৰ মৃতদেহ । উল্লেখযোগ্য যে বনবিভাগৰ কাৰ্য্যালয়ৰ পৰা প্ৰায় তিনিশ মিটাৰ নিলগত সংঘটিত হয় এই ঘটনা। তৎসত্বেও স্থানীয় লোকে অহৰ্নিশে শংকাত কটাবলগীয়া হৈছে জীৱন । এনেদৰেই এতিয়া ব্যন্যপ্ৰাণী আৰু জীৱশ্রেষ্ঠৰ মাজত এনে সংঘাত প্ৰায়ে সংঘটিত হৈ অহা পৰিলক্ষিত হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here