পেট্ৰ’লৰ মূল্যই কোবালে চেঞ্চুৰী /ক’ত কিমান মূল্যত পাব এই পেট্ৰ’ল !

0
133

পেট্ৰ’লৰ মূল্যই কোবালে চেঞ্চুৰী
ক’ত কিমান মূল্যত পাব এই পেট্ৰ’ল !

আমাৰ সময়ঃ  পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য | ১০৪.৪৭ টকা এতিয়া প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য | এই মূল্য হৈছে মুম্বাইৰ | ৯৫.৭৬ টকা প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য চেন্নাইত | কলকাতাত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৪.২৫ টকা | আনহাতে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯৪.২৩ টকা |
যোৱা মাহত সৰ্বমুঠ ১৬ বাৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য | আনহাতে অসমতো বৃদ্ধি পাইছে পেট্ৰ’লৰ মূল্য  |গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৯০.২০ টকা | আনহাতে কাৰ্বি আংলঙত পেট্ৰ’লৰ মূল্য ৯১.৭১ টকা,ওদালগুৰিত ৯১.৩৫ টকা, শিৱসাগৰত ৯১.৩৫ টকা প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য। তদুপৰি গোলাঘাট, গোৱালপাৰা,ডিব্ৰুগড়তো বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য । এই জিলাকেইখনত পেট্ৰ’লৰ মূল্যই অতিক্ৰম কৰিলে ৯০ ৰ ঘৰ। এনেদৰে এতিয়া পেট্ৰলৰ মূল্য বৃদ্ধিয়ে মাধমাৰ শুধাইছে ৰাইজক । চৰকাৰে সঘনাই বৃদ্ধি কৰিছে পেট্ৰ’ল-ডিজেলৰ মূল্য । চিন্তিত কৰি তুলিছে সাধাৰণ ৰাইজক ।

News Desk report, amarxomoy.

LEAVE A REPLY

Please enter your comment!
Please enter your name here