দেৰগাঁৱৰ এজন নিবনুৱাৰ স্বাৱলম্বীতাৰ সুন্দৰ নিদৰ্শন // তৰমুজৰ খেতি কৰি আত্মনিৰ্ভৰশীল বাবা বৰুৱা

0
166

দেৰগাঁৱৰ এজন নিবনুৱাৰ স্বাৱলম্বীতাৰ সুন্দৰ নিদৰ্শন
দহ বিঘা মাটিত তৰমুজৰ খেতি কৰি আত্মনিৰ্ভৰশীল বাবা বৰুৱা

আমাৰ সময়ঃ দেৰগাঁৱৰ পৰা প্ৰায় দহ কিলোমিটাৰ নিলগত অৱস্থিত বানে গৰকা এখন গাঁও । চ’ৰাই চাপৰিৰ আবানী গাঁও । বালিচাপৰিৰ এখন অতিকে পিছপৰা গাঁও । সেই গাঁৱৰে নিবাসী বাবা বৰুৱা । তেই এজন শিক্ষিত যুৱক । চৰকাৰী চাকৰিৰ আশা নকৰি চিন্তা কৰিলে নিজাববীয়াকৈ কিবা এটা কৰাৰ ,আৰু শেষত আত্মনিৰ্ভৰশীল হোৱাৰ উপায় উলিয়ালে ।
চন পৰি থকা বিস্তীৰ্ণ বালিত কি খেতি কৰিলে স্বাৱলম্বী হ’ব পাৰি তাৰ চিন্তা চলালে। এই ক্ষেত্ৰৰ অভিজ্ঞ ব্যক্তিৰ স’তে আলোচনা কৰি তৰমুজৰ খেতি আৰম্ভ কৰিলে । প্ৰথমে দহ বিঘা মাটিত আৰম্ভ কৰিলে তৰমুজৰ খেতি ।তেনেদৰে মুকলি হ’ল আত্মনিৰ্ভৰশীলতাৰ পথ । এতিয়া বাবা বৰুৱা এজন সফল খেতিয়ক । শিক্ষিত যুৱক হৈ চাকৰিৰ পৰিৱৰ্তে স্বনির্ভৰশীল হোৱাৰ পদক্ষেপক শলাগিছে বহু লোকে । তেওঁৰ এই চিন্তা আৰু কৰ্ম আদৰ্শ হৈ ৰওক হেজাৰজন নিবনুৱা যুৱকৰ বাবে ।

নিৰঞ্জন দাস,দেৰগাঁও |

LEAVE A REPLY

Please enter your comment!
Please enter your name here