CAA আৰু EIA বাতিলৰ দাবীত প্ৰতিবাদত উত্তাল বাক্সা

0
602

জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু পাৰিৱেশিক প্ৰভাৱ নিৰূপন অধিসূচনা (EIA) ২০২০ বাতিলৰ দাবীত বাক্সাৰ গাতিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুই ।

বাক্সা জিলা আছুৰ আহ্বানত গাতি আঞ্চলিক আছুৰ মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত ।

নেৰানেপেৰা বৰষুণৰ মাজতো শ শ মহিলাই ৰাজপথৰ ওপৰত হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ ‘কা’ আমি নামানো, বিজেপি চৰকাৰ হায় হায় , মুখ্যমন্ত্ৰী হায় হায় , হিমন্ত বিশ্ব শৰ্মা গ’ বেক, ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ , হাগ্ৰামা মহিলাৰী গ’ বেক , বিপিএফ মুৰ্দাবাদ, EAI বাতিল কৰক , জয় আই অসম আদি শ্লোগানেৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here