শালকাটিত ড্ৰাগছসহ আটক দুজনকৈ লোক

0
92

ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা

আৰক্ষীয়েও ক্ষিপ্ৰ গতিত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান

আমাৰ সময়ঃ সমগ্ৰ ৰাজ‍্যৰ লগতে নগাঁও জিলাটো অব‍্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান | এইবাৰ শালকাটিত ড্ৰাগছসহ আটক দুজনকৈ লোক | সমগ্ৰ ৰাজ্যতে বৰ্তমান চলি আছে ড্ৰাগছৰ বিৰোধী অভিযান। প্ৰশাসনৰ এই ড্ৰাগছ বিৰোধী অভিযানত ৰাইজেও জনাইছে বিপুল সঁহাৰি । আজি নগাঁও জিলাৰ আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰেন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা সজাতি দলে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ছালকাটি পথাৰৰ বাবুল হুছেইন আৰু বৰভেটি ৰিজাৰ্ভৰ ইছলাম উদ্দিন বুলি জানিব পৰা গৈছে। পূৰ্বতে কেইবাটাও অপৰাধৰ লগত জড়িত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে নগদ ৫৬৮০টকা,২৯ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ,এখন মটৰ চাইকেলৰ লগতে দুটাকৈ ম’বাইল হেণ্ডছেট জব্দ কৰে | এনেদৰে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে তীব্ৰ অভিযান ।

মৈৰাবাৰী, ইকবাল হুছেইন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here