
মালদ্বীপ ভাৰত মহাসাগৰৰ এটি দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম মালে। দক্ষিণ এছিয় আঞ্চলিক সহযোগিতা সংস্থাৰ সদস্য দেশ। অপৰূপ সৌন্দৰ্য্যৰ লীলাভূমি এই দেশ বিশ্বৰ সবাতোকৈ নিম্ন। পৰ্যটনৰ বাবে বিখ্যাত এই দেশ সমুদ্ৰপৃষ্ঠৰ পৰা সৰ্বোচ্চ উচ্চতা মাত্ৰ ২.৩ মিটাৰ আৰু গড় উচ্চতা মাত্ৰ ১.৫ মিটাৰ। ১২০০ তকৈয়ো বেছি সৰু সৰু দ্বীপেৰে মালদ্বীপ গঠিত। মালে দিভেহী ৰাজ্য”ৰ পৰা উদ্ভৱ হৈছে। যাৰ অৰ্থ হল মালে অধিকৃত দ্বীপ ৰাষ্ট্ৰ। কিছুমানৰ মতে সংস্কৃত ‘মালা দ্বীপা’ অৰ্থ দ্বীপ-মাল্য বা ‘মহিলা দ্বীপা’ অৰ্থ নাৰীসকলৰ দ্বীপৰ পৰা মালদ্বীপ নাম উদ্ভৱ হৈছে। কিন্তু প্ৰাচীন সংস্কৃতত এনেকুৱা কোনো অঞ্চলৰ উল্লেখ পোৱা নাযায়। কিন্তু প্ৰাচীন সংস্কৃতত লক্ষদ্বীপ নামৰ এক অঞ্চলৰ উল্লেখ আছে। লক্ষদ্বীপ বুলিলে মালদ্বীপৰ বাহিৰে লাক্ষাদ্বীপ পুঞ্জ অথবা চাগচ দ্বীপপুঞ্জকো বুজাবলৈ পাৰে। আন এটি মতবাদ হল তামিল ভাষাত ‘মালা তিভু’ অৰ্থ দ্বীপমাল্যৰ পৰা মালদ্বীপ নামটো উদ্ভৱ হৈছে।
শ্ৰীলংকাৰ পৰা আনুমানিক ৪০০ মাইল দক্ষিণ-পশ্চিমে ১০১০টা প্ৰৱাল দ্বীপেৰে মালদ্বীপ গঠিত । মালদীপৰ জনসংখ্যা প্ৰায় তিনি লক্ষ। শতকৰা ১০০ ভাগ মুছলমান লোকে তাত বসবাস কৰে।
মালদ্বীপৰ নামকৰণক লৈ যথেষ্ট মতানৈক্যৰ সৃষ্টি হৈছে। কোনো কোনোৱে দাবী কৰে যে মালদ্বীপ মানে ‘মেল দ্বীপ ৰাজ’ বা পুৰুষ প্ৰধান ৰাজ্য। মূলতঃ ‘দ্বীপ’ সংস্কৃত শব্দ আৰু ‘মাল’ দেশৰ ৰাজধানীৰ নামৰ লগত মিল খায়। ঔপনিৱেশিক কালত ডাচসকলে তেওঁলোকৰ নথি-পত্ৰত এই দ্বীপসমূহৰ নাম মালদ্বীপ বুলি উল্লেখ কৰিছিল। পিছলৈ ইংৰাজসকলেও একে নাম ব্যৱহাৰ কৰিছিল, যিটো নাম দেশৰ স্থানীয় নাম হিচাপে ব্যৱহাৰ কৰা হৈছিল। প্ৰাচীন শ্ৰীলংকাৰ সাহিত্যত ‘মহাবংস’ত মালদ্বীপক ‘মহিলাদ্বীপ’ বা নাৰীৰ দ্বীপ বুলি উল্লেখ কৰা হৈছে। ইয়াৰে মাত্ৰ ২০০ টাহে বাসযোগ্য। প্ৰাচীন শ্ৰীলংকাৰ ঐতিহাসিক গ্ৰন্থত মালদ্বীপক নাৰীৰ দ্বীপ বুলি কোৱা হয়। সম্ৰাট অশোকৰ সময়ত অৰ্থাৎ খ্ৰীষ্টীয় তৃতীয় শতিকাত কিছুমান বৌদ্ধ সন্ন্যাসী লক্ষদ্বীপলৈ গৈছিল। তাৰ পিছত সেই দ্বীপত দ্ৰাবিড় ভাষী লোকে বসবাস কৰিবলৈ ধৰিলে।
দেশখন সৰু হ’লে ইয়াৰ প্ৰতিৰক্ষা ব্যৱস্থা নূন্যতম। মালদ্বীপ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনী (MNDF) নামৰ যৌথ প্ৰতিৰক্ষা বাহিনী। এই শক্তিৰ মূল কাম হৈছে দেশৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰা। এই বাহিনীক দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ বাবে পূৰ্ব অনুমোদন দিয়া হৈছে। ক’ষ্ট গাৰ্ড, ফায়াৰ এণ্ড ৰেচকিউ চাৰ্ভিচ, ইনফেণ্ট্ৰি চাৰ্ভিচ, ডিফেন্স ইনষ্টিটিউট ইত্যাদিয়ে এমএনডিএফৰ বাহিনী পৰিচালনা কৰে।
যিহেতু ৮০০ বছৰ ধৰি মালদ্বীপত ইছলামিক চুলতান ৰাজ্য প্ৰতিষ্ঠা হৈছিল, সেয়েহে মালদ্বীপৰ বৰ্তমানৰ সংস্কৃতি স্বাভাৱিকতে ইছলামৰ দ্বাৰা প্ৰচণ্ড প্ৰভাৱ পৰিছে।
অতীজৰে পৰা সাগৰীয় মাছ দেশৰ অৰ্থনীতিৰ মূল ভেটি হৈ আহিছে। কিন্তু বৰ্তমান দেশখনে পৰ্যটন উদ্যোগতো যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ক’ব পাৰি যে পৰ্যটন দেশৰ আটাইতকৈ ডাঙৰ উদ্যোগ। মুঠ আয়ৰ ২৮ শতাংশ আৰু মুঠ বিদেশী উপাৰ্জনৰ ৬০ শতাংশ পৰ্যটন উদ্যোগৰ পৰা আহে। ১৯৮৯ চনত দেশৰ চৰকাৰে প্ৰথমবাৰৰ বাবে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী ঘোষণা কৰে। এই সময়ত বিদেশী বিনিয়োগৰ ক্ষেত্ৰত উদাৰ নীতি গ্ৰহণ কৰা হৈছিল।